কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2022, 6:41 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে অসমতো সোমবাৰে পালন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Years of Independence)। বৰ্ষজোৰাকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav)পালন কৰাৰ পিছত সোমবাৰে ঘৰে ঘৰে উত্তোলন কৰিলে জাতীয় পতাকা । ৰাজ্য়ৰ আন জিলাৰ লগতে নগাঁৱতো বিভিন্ন স্থানত পালন কৰা হয় স্বাধীনতা দিৱস । জিলাখনৰ কামপুৰস্থিত কেন্দ্ৰীয় ৰাসপথাৰত কেন্দ্ৰীয়ভাৱে এই দিৱস উদযাপন কৰা হয়(Independence Day celebration in Kampur)। কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত উলহ-মালহেৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া সুজাতা গগৈয়ে । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে কামপুৰৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত চক্ৰ বিষয়াগৰাকীয়ে অভিবাদন গ্ৰহণ কৰি দেশবাসীৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদসকলক স্মৰণ কৰে । স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় । স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.