thumbnail

By

Published : Dec 3, 2021, 10:33 AM IST

ETV Bharat / Videos

Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ

যান বাহনৰ আইন উলংঘাকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে ডিব্ৰুগড় পৰিবহন বিভাগ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ইতিমধ্যে ১ ডিচেম্বৰৰ পৰা যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰক্ষী তথা পৰিবহণ নিগমৰ বিষয়াসকলে (Dibrugarh Transport Corporation)। পথ সুৰক্ষা সজাগতা আৰু ভৱিষ্যতে হ’ব পৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো হেলমেট পৰিধান বাধ্যতামূলক কৰিছে ডিব্ৰুগড় পৰিবহন বিভাগে (wearing helmet is mendatory in Dibrugarh) ৷ ডিব্ৰুগড় পৰিবহন বিভাগৰ প্ৰৱৰ্তনকাৰী বিষয়া ৰমেশ শ্যামৰ অধীনত আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ আমোলাপট্টিত হেলমেট পৰিধান নকৰা বা অনুজ্ঞাপত্ৰ বিহীন চালক সকলৰ ওপৰত অনুসন্ধান চলায় । এই অভিযানত ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত বহুলোককে সতৰ্ক কৰি দিয়াৰ লগতে বহুতক জৰিমনা ভৰোৱােও পৰিলক্ষিত হয় ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.