অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি বিতৰ্ক, ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া - Ripun bora reaction on si exam
🎬 Watch Now: Feature Video
গুৱাহাটী, 28 ছেপ্তেম্বৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ তদন্তক লৈ ক্ষোভ উজাৰে ৰিপুণ বৰাই ৷ এই পৰীক্ষাৰ তদন্তক লৈ ক্ষোভ প্ৰদেশ কংগ্ৰেছৰ ৷ দলটোৰ সভাপতি ৰিপুন বৰাই কয় যে, চৰকাৰে ঘোষণা কৰা তদন্ত আমি মানি নলওঁ ৷ কিয়নো এই তদন্তই দোষীক সাৰি যাবলৈহে সুবিধা দিব ৷ ৰিপুন বৰাৰ দাবী সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত হ'ব লাগে ৷ লগতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে হ'ব লাগে তদন্ত ৷ এই কেলেংকাৰীত এজন বিধায়ক নহয়, বহু বিধায়ক, নেতা জড়িত হৈ আছে বুলি অভিযোগ কৰে ৰিপুন বৰাই ৷