লোভেই হ’লগৈ কাল : কুকুৰাৰ গঁড়ালত বন্দী নাহৰফুটুকী - LEOPARD CAPTURED IN SIVASAGAR
🎬 Watch Now: Feature Video
আপুনি হয়তো কুকুৰাৰ গড়ালত বনৰীয়া মেকুৰী, হেপা,নেউল আৱদ্ধ হোৱাৰ কথা শুনিছে ৷ আজি আপোনাক দেখুৱাম লোকেল কুকুৰা খাবলৈ আহি এক বনৰজাৰ কি পৰিণতি হ’ল । লোকেল কুকুৰাৰ সোৱাদ লবলৈ আহি কুকুৰা গড়ালতে আৱদ্ধ হৈ পৰে এটা নাহৰফুটুকী। এনে ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ বানফেৰাত।সন্ধিয়া খাদ্যৰ সন্ধানত আহি বানফেৰাৰ ৰমেশ কেওটৰ ঘৰৰ কুকুৰা গড়ালত প্ৰৱেশ কৰে বাঘটোৱে। এজাক কুকুৰাৰ মাজত নাহৰফুটুকী বহি থকা অৱস্থাত নিশা গৰাকীয়ে অজ্ঞাতে বন্ধ কৰি দিয়ে কুকুৰাৰ গড়াল। ফলত বনৰজা আৱদ্ধ হৈ পৰে গড়ালত। ওলাবলৈ বাট নাপায় পুৱা নাহৰফুটুকীটোৱে তৰ্জন-গৰ্জন কৰি থাকোতে গৰাকীয়ে গড়ালত বনৰজা আলহী হৈ থকাৰ কথা বুজিব পাৰে৷ ইয়াৰ পিছত কি হ’ল জানিবলৈ চাওঁক এই ভিডিও...