দৰিদ্ৰ মহিলাক ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ সহায় - helps poor women
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12757986-thumbnail-3x2-img.jpg)
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে (National Disaster Response Force) শোণিতপুৰ জিলা পৰিষদৰ সহযোগত ক’ভিড-19 মহামাৰীৰ দুৰ্গতজনক ইটানগৰস্থিত 12 নং বেটেলিয়ানৰ দ্বাৰা সহায়ৰ হাত আগবঢ়ায় । শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ উপস্থিতিত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে মহিলাসকলৰ বাবে এযোৰ পোছাক আৰু মহামাৰীৰ মোকাবিলা কৰিব পৰাকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ এটি কিট প্ৰদান কৰে । ৰাষ্ট্ৰীয় বাহিনীয়ে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত মুঠ 200 গৰাকী মহিলাক এনেধৰণৰ সহায় আগবঢ়াইছে । 12 নং বেটেলিয়ানৰ দ্বিতীয় কামাণ্ডেণ্ট ড৹ অবিৰত চৌধুৰী উপস্থিত থকা অনুষ্ঠানত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এই সামগ্ৰীসমূহ প্ৰদান কৰে ।