লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ - এ বি এমছুৰ সভাপতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12653818-thumbnail-3x2-abh.jpg)
লাফিকুল হত্যাৰ ন্যায় বিচাৰি সোমবাৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে উত্তৰ শালমাৰা জিলা আমছুৱে ৷ এবিএমছু(ABMSU)ৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডই চাৰিবছৰ সম্পূৰ্ণ কৰাৰ পাচতো চৰকাৰে আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি লাফিকুল হত্যাৰ ন্যায় বিচাৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত বিভিন্ন জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উক্ত কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যাগত উত্তৰ শালমাৰা জিলাৰ আমছুৰ এটি সজাতি দলে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ আমছুৰ সজাতি দলটোৱে অনতিপলমে লাফিকুল হত্যাৰ ন্যায় প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ।