2016 পাচত এইবাৰো বিজেপিৰ প্ৰাৰ্থী তালিকাত দাদা ব্ৰিগেডৰ আধিপত্য
🎬 Watch Now: Feature Video
ইতিমধ্য বিজেপিয়ে 70 টা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷ এই তালিকা নাম সন্নিৱিষ্ট হ’ল বহু কেইগৰাকী নতুন প্ৰাৰ্থীৰ ৷ একেদৰে তালিকাৰ পৰা বাদ পৰিল বহু জ্যেষ্ঠ নেতা তথা বিধায়কৰ নাম ৷ সলনি বহু কেইবাগৰাকীও বিধায়কৰ সমষ্টি ৷ শুকুৰবাৰে প্ৰকাশিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত সৰহ সংখ্যক প্ৰাৰ্থী দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ৷ চৰ্চা চলিছে যে, নিজৰ ঘনিষ্ঠ প্ৰাৰ্থীক টিকট দিয়াৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই বঞ্চিত কৰিলে নেকি একাংশ জ্যেষ্ঠ নেতাক ৷ কেৱল বিজেপিৰে নহয়, অগপৰো বহু কেইগৰাকী জ্যেষ্ঠ নেতাক বঞ্চিত কৰা হ’ল প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা ৷ বিজেপিৰ তালিকাত প্ৰকাশ পোৱা হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সকলৰ তালিকাত আছে...কমলপুৰ সমষ্টিত দিগন্ত কলিতা, বঢ়মপুৰত জিতু গোস্বামী, লখিমপুৰত মানৱ ডেকা, নাহৰকটীয়াত তৰংগ গগৈ, চামগুৰিত অনিল শইকীয়া, গোলাঘাটত অজন্তা নেওগ, নাজিৰাত ময়ুৰ বৰগোঁহাই আদি ৷ ইয়াৰ ভিতৰত কমলপুৰ, বঢ়মপুৰ, লখিমপুৰ, নাহৰকটীয়াত অগপৰ বিধায়কক বঞ্চিত কৰি টিকট দিয়া হৈছে বিজেপি প্ৰাৰ্থীক ৷ একেদৰে গোলাঘাটত পুৰণি বিজেপি নেতা বিতোপন শইকীয়াক বঞ্চিত কৰি টিকট দিয়া হ’ল নতুনকৈ বিজেপিত যোগ দিয়া প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অজন্তা নেওগক ৷ আনহাতে ছিপাঝাৰ সমষ্টিতো বিনন্দ শইকীয়াক দিয়া নহ’ল প্ৰাৰ্থিত্ব ৷ অসম সাহিত্য সভাৰ উপদেষ্টা পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব দিবলৈ চিন্তা কৰিছে বিজেপিয়ে ৷ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশী পৰমান্দ ৰাজবংশীয়েও অগপ ত্যাগ কৰি যোগ দিছে বিজেপিত ৷ দেখা গৈছে যে অজন্তা নেওগ আৰু পৰমানন্দ ৰাজবংশীও হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ৷ এতিয়া প্ৰশ্ন হয়, হিমন্ত বিশ্ব শৰ্মাই বিজেপিত নিজৰ স্থিতি সবল কৰিবৰ বাবেই জ্যেষ্ঠ প্ৰাৰ্থীক বঞ্চিত কৰি নিজা পচন্দৰ প্ৰাৰ্থীক দিয়ালে নেকি প্ৰাৰ্থিত্ব ৷ আনহাতে এই ক্ষেত্ৰত মিত্ৰদল অগপৰ চাৰিজন বিধায়ককো নিজ সমষ্টিত বঞ্চিত কৰিলে বিজেপিয়ে ৷ কমলপুৰত সত্যব্ৰত কলিতা, বঢ়মপুৰত প্ৰফুল্ল কুমাৰ মহন্ত, নাহৰকটীয়াত নৰেন সোণোৱাল আৰু লখিমপুৰত উৎপল দত্তই নাপালে প্ৰাৰ্থিত্ব ৷ আগন্তুক নিৰ্বাচনত যদি বিজেপিৰ এই কেইগৰাকী প্ৰাৰ্থী জয়ী হৈ আহে, তেন্তে দলত স্থিতি অধিক মজবুত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ ৷ দলৰ মজিয়াত নিজৰ স্থিতি সৱল কৰাৰ আঁৰত হিমন্ত বিশ্ব শৰ্মা কি অভিপ্ৰায় আছে তাক লৈও একাংশৰ মনত এতিয়া প্ৰশ্নৰ উদয় হৈছে ৷
Last Updated : Mar 7, 2021, 7:24 AM IST