দেশৰ ভিতৰতে উল্লেখযোগ্য সাৰস্বত নিকেতনম গ্ৰন্থাগাৰ
🎬 Watch Now: Feature Video
মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ বিভিন্ন ঠাইত পদাৰ্পণ কৰিছিল ৷ ইয়াৰ জৰিয়তে জনসাধাৰণক তেখেতে স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত কৰিছিল ৷ গান্ধীজীয়ে সেইসময়ত অন্ধ্ৰপ্ৰদেশো ভ্ৰমণ কৰিছিল য'ত স্বাধীনতা আন্দোলনে ব্যাপক মাত্ৰা লাভ কৰিছিল ৷
ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল চিৰালা-পেৰেলা আন্দোলন ৷ এই আন্দোলনৰ নেতৃত্ব দিছিল দুগ্গীৰালা গোপালাকৃষ্ণায়াই, যি অন্ধ্ৰৰত্ন উপাধিৰে পৰিচিত আছিল ৷ গান্ধীজীৰ কৰ বিৰোধী সত্যাগ্ৰহ সম্পৰ্কে জানিব পাৰি তেখেতে 1929 চনত চিৰালা শিৱ মন্দিৰত এখন সভা আয়োজন কৰিছিল ৷ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰিছিল এই সভাত ৷
পৰৱৰ্তী সময়ত এই স্থান গান্ধীজীৰ এটি মূৰ্তি স্থাপন কৰা হৈছিল ৷ 1929 চনত, গান্ধীজীয়ে ভেটাপ্লেমৰ সাৰস্বত নিকেতনম গ্ৰন্থাগাৰৰো আধাৰশিলা স্থাপন কৰিছিল ৷ ভাৰতৰ প্ৰাচীনতম গ্ৰন্থাগাৰ সমূহৰ ভিতৰত অন্যতম এই গ্ৰন্থাগাৰটো 1918 চনত ভি.ভি. শ্ৰেষ্ঠিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ৷
সাৰস্বত নিকেতনম গ্ৰন্থাগাৰটো অন্ধ্ৰপ্ৰদেশৰ অন্যতম গৱেষণা ভিত্তিক গ্ৰন্থাগাৰ ৷ এই গ্ৰন্থাগাৰটোৰ প্ৰায় 70 হাজাৰ গ্ৰন্থৰ উপৰিও বহুতো বিৰল সাঁচি পাতৰ পাণ্ডুলিপি সংৰক্ষণ কৰা হৈছে ৷