thumbnail

By

Published : Mar 11, 2020, 5:39 PM IST

ETV Bharat / Videos

বিজেপিত যোগ দিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা সিন্ধিয়াৰ

জে পি নাড্ডাক কাষত লৈ জ্যোতিৰাদিত্য সিন্ধিয়াৰ সংবাদমেল সম্বোধন কৰি কয় যে, জীৱনত দুটা তাৰিখ অতি মহত্বপূৰ্ণ হৈ ৰ'ব ৷ 30 চেপ্টেম্বৰ, 2001 যিদিনা তেওঁ নিজৰ পিতৃক হেৰুৱাইছিল আৰু 10 মাৰ্চ, 2020 যিদিনা তেওঁ জীৱনত এটা নতুন সিদ্ধান্ত লৈছে ৷ পূৰ্বৰ যি কংগ্ৰেছ দল আছিল বৰ্তমান দলটোৰ সেই স্থিতি নাই বুলি মন্তব্য কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ কংগ্ৰেছে মধ্যপ্ৰদেশত চৰকাৰ গঠনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা বুলি সংবাদমেলত প্ৰকাশ কৰে সিন্ধিয়াই ৷ কৃষি ঋণক লৈ কৃষকসকল বিপদত পৰাৰ লগতে যুৱসমাজো নিযুক্তিৰ অভাৱত হতাশগ্ৰস্ত হৈ পৰিছে ৷ নিয়োগৰ পৰিৱৰ্তে ভ্ৰষ্টাচাৰহে বৃদ্ধি পাইছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ ভাৰতক প্ৰগতিৰ পথলৈ লৈ যাবৰ বাবেই বিজেপিত যোগদানৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে জ্যোতিৰাদিত্য সিন্ধিয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.