নুমলীগড় শোধনাগাৰৰ উদ্যোগত নিৰ্মাণ Auto Sanitizer Tunnel - স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ চেনিটাইজ হয়
🎬 Watch Now: Feature Video
কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে তৈয়াৰ কৰি উলিয়াইছে এটা Auto Sanitizer Tunnel. ইন্ফ্ৰাৰেড প্ৰযুক্তিৰে নুমলীগড় শোধনাগাৰৰ একাংশ অভিযন্তা তথা কৌশলীয়ে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে এই স্বয়ংক্ৰিয় যন্ত্ৰ । ইন্ফ্ৰাৰেডেৰে সজ্জিত এই যন্ত্ৰৰ ভিতৰেৰে কোনো লোক পাৰ হৈ গ'লে স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ চেনিটাইজ হয় । চেনিটাইজেশ্যনৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছে ছ'ডিয়াম হাইপ'ক্ল'ৰাইড ।