বান্দ্ৰাত প্ৰতিবাদ কৰিবলৈ ওলাই অহা প্ৰবাসী শ্ৰমিকৰ ওপৰত আৰক্ষীৰ লাঠী চালনা
🎬 Watch Now: Feature Video
লক্ ডাউনৰ নিৰ্দেশনা উলংঘন কৰি হাজাৰ হাজাৰ প্ৰবাসী শ্ৰমিক মঙলবাৰে, মুম্বাইৰ বান্দ্ৰা বাছ আস্থানত সমবেত হয় । প্ৰতিবেদন অনুসৰি, এই শ্ৰমিকসকলে ৰেচনসহ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ লগতে তেওঁলোকক নিজৰ ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ দাবীৰে আৰক্ষীৰ সন্মুখত শ্ল'গান দিয়ে ।
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চালনাও কৰিবলগীয়া হয় । কিয়নো এই বিশাল সমাৱেশ ৰাজ্যৰ প্ৰশাসনৰ বাবে এক চিন্তনীয় বিষয় । যিহেতু ইতিমধ্যেই মুম্বাই COVID-19ৰ হটস্পট হিচাপে অভিহিত হৈছে আৰু শেহতীয়াকৈ বহু COVID-19 পজিটিভ লোকো ধৰা পৰিছে ।