গান্ধীৰ দাণ্ডি যাত্ৰা - উপকূলীয় চহৰ দাণ্ডিত ব্ৰিটিচৰ লোণ আইন ভংগ
🎬 Watch Now: Feature Video
ভাৰতবৰ্ষৰ ইতিহাসত 1930 চনটো গুৰুত্বপূৰ্ণ বছৰ হিচাপে পৰিগণিত হৈছিল ৷ সেইসময়ত মহাত্মা গান্ধীয়ে উপকূলীয় চহৰ দাণ্ডিত ব্ৰিটিছৰ লোণ আইন ভংগ কৰিছিল ৷ সমগ্ৰ দেশতে আইন অমান্য আন্দোলন নামেৰে পৰিচালিত হৈছিল এই আন্দোলন ৷
ওড়িশাৰ গঞ্জম জিলাৰ হুম্মা নামৰ সৰু গাঁওখনে বাপুৰ সত্যাগ্ৰহ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ উৎকল প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি এইছ. কে. মেহতাবৰ সবল নেতৃত্বত ওড়িশাত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল ৷
দেশৰ অন্য প্ৰান্তৰ লগতে হুম্মাৰ লোকসকলেও লোণ সত্যাগ্ৰহত অংশ লৈছিল ৷ বাপুৱে এই গাঁওখন ভ্ৰমণ কৰিছিল আৰু স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰিছিল ৷ এইদৰেই ওড়িশাত আন্দোলনক তড়ান্বিত কৰা হৈছিল ৷
বাপুৱে তাৰ পূৰ্বে 1927 চনৰ ডিচেম্বৰ মাহত এই অঞ্চল ভ্ৰমণ কৰিছিল ৷ আনকি বাপুৱে ৰম্ভাৰ ৰয়েল ৰেচিডেঞ্চীৰ টোকা বহীত চহীও কৰিছিল ৷ সেই স্থানত বহুকেইজন নেতা উপস্থিত আছিল ৷
এই লোণ আন্দোলনে শেষ পৰ্যন্ত স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ লোণক গান্ধীজীয়ে ঐক্যৰ চিহ্ন হিচাপে মানিছিল ৷ কাৰণ জাতি-বৰ্ণ-ব্যক্তি নিৰ্বিশেষে সকলোৱে এই লোণ গ্ৰহণ কৰিছিল ৷