thumbnail

By

Published : Jul 24, 2021, 5:57 PM IST

ETV Bharat / Videos

জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰা এজন আদৰ্শ খেতিয়ক

আজিকালি অতি সহজে মানুহবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায় ৷ ইয়াৰ অন্তৰালত বৈজ্ঞানিকসকলে ফল আৰু পাচলিত ব্যৱহৃত কীটনাশককেই জগৰীয়া কৰা পৰিলক্ষিত হয় ৷ উৎপাদিত শস্যক বিভিন্ন কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কৃষকসকলে খেতিত বিভিন্ন কীটনাশক প্ৰয়োগ কৰে ৷ স্বাভাৱিকতে ইয়াৰ বিৰূপ প্ৰভাৱ মানৱ শৰীৰতো পৰে ৷ এনে ধৰণৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল কৰ্ণাল জিলাৰ নচীৰপুৰ গাঁৱৰ এজন কৃষক, জগতৰাম ৷ কীটনাশক প্ৰয়োগ কৰা খাদ্যবস্তু গ্ৰহণ কৰি বিভিন্ন ৰোগৰ দ্বাৰা ব্যতিবস্ত হৈ জগতৰামে অৱশেষত এক ব্যতিক্ৰমী সিদ্ধান্ত কৰে ৷ কীটনাশকমুক্ত খেতি কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰি জগতৰামে 13 বছৰ পূৰ্বে শূণ্য বাজেটেৰে কৃষিকাৰ্য আৰম্ভ কৰিছিল ৷ সেই জগতৰাম এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.