Baby rhinos shifted to State Zoo: ঠিকনা সলনি হ’ল তিনিটা গড় পোৱালীৰ

By

Published : Mar 10, 2022, 6:18 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail
বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park)ৰ পৰা পুনৰ তিনিটা গঁড় পোৱালী অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে ৷ এটা মতা আৰু দুজনী মাইকী গঁড় পোৱালী স্থানান্তৰ কৰা হৈছে ৰাজ্যিক চিৰিয়াখানালৈ (Baby rhinos shifted to State Zoo) ৷ ২০১৯ বৰ্ষত দুটা আৰু ২০২০ বৰ্ষত প্ৰলয়ংকাৰী বানপানীৰ সময়ত মাতৃৰ পৰা বিচিন্ন হোৱা অৱস্থাত উদ্ধাৰ হোৱা গঁড় পোৱালী তিনিটা পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ, প্ৰতিপালন আৰু পুনৰ সংস্থাপন কেন্দ্ৰত প্ৰতিপালিত হৈ আছিল ৷ সম্পূৰ্ণ সুস্থ তিনিবছৰীয়া গঁড় পোৱালী কেইটাৰ এতিয়াৰ পৰা নতুন ঠিকনা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা ৷ বৰ্তমানলৈকে কেন্দ্ৰটোৰ পৰা ২৫ টা গঁড় স্থানান্তৰিত কৰা হৈছে ৷ ইয়াৰে ১৯ টা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু এই তিনিটা গঁড় পোৱালীকে ধৰি ৬ টা অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে ৷ বৰ্তমান কেন্দ্ৰটোত ২ টা গঁড় পোৱালী, ১০ টা হাতী, ৫ টা নাহৰফুটুকী বাঘ, এটা ম'হ প্ৰতিপালিত হৈ আছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.