thumbnail

এখন তয়াময়া ৰণ: শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰুদ্ৰমূৰ্তি

By

Published : Feb 10, 2022, 6:45 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

প্ৰায় ৩০ বছৰীয়া বৈবাহিক জীৱন অতিক্ৰম কৰাৰ পাছত এজন পুৰুষৰ লম্পট আচৰণৰ বাবে আজি শিৱসাগৰৰ ৰাজপথত দেখা গ’ল এক আচহুৱা পৰিস্থিতি । নিজ পত্নীক এলাগী কৰি অষ্টদশী গাভৰুৰ প্ৰেমত মতলীয়া হোৱা লম্পট স্বামীক পত্নীয়ে ধৰা পেলালে হাতেলোটে । ঠিকাদাৰ প্ৰেমীকৰ নাম বিভানন্দ গগৈ । নগৰৰ বাইপাচৰ নিৱাসী গগৈয়ে নিজ ঠিকা ফাৰ্ম পৰিচালনাৰ নামত নিয়োগ কৰা অষ্টাদশী গাভৰুৰ সৈতে গোপনে গঢ়িছিল অবৈধ প্ৰেমৰ সম্পৰ্ক । গাভৰুৰ প্ৰেমত হাবুডুবু খোৱা প্ৰেমীকে ক্ৰমান্বয়ে পত্নীক এলাগী কৰি ঘৰুৱা খা-খৰচ দিয়াৰ পৰাও বিৰত আছিল । আজি পত্নীয়ে বেতবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুয়োকে ধৰা পেলাই উগ্ৰমূৰ্তি ধৰে (Wife detains lover of husband in Sivasagar)। এনে অবৈধ কামৰ কথা জানিব পাৰি ৰাইজে গাড়ীসহিত প্ৰেমীক-প্ৰেমীকাক অৱৰোধ কৰাৰ পাছৰ দৃশ্য এইয়া । অৱশেষত আৰক্ষী উপস্থিত হৈ দুয়ো লেইলা-মজনুক শিৱসাগৰ সদৰ থানালৈ লৈ যায় । জানিব পৰা মতে ঘটনা সন্দৰ্ভত প্ৰতাৰিত পত্নীয়ে এক এজাহাৰ দাখিল কৰিছে ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.