IPL ৰ নামত ৰাজ্যত চলিছে বৃহৎ জুৱা; তিনিচুকীয়াত আটক জুৱাৰী

By

Published : Apr 6, 2022, 10:27 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail
তিনিচুকীয়াত আৰক্ষীৰ সফলতা ৷ তিনিচুকীয়াত আৰক্ষীৰ জালত পৰিছে তিনি IPL জুৱাৰী (IPL gambler arrested in Tinsukia)৷ ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন তথ্যৰ খবৰৰ ভিত্তিত মঙলবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে হাতে লোতে আটক কৰে তিনি IPL জুৱাৰীক (Tinsukia police arrested three IPL gamblers) । আটকাধীন তিনি জুৱাৰী ক্ৰমে তিনিচুকীয়াৰ ইফ্‌টিকাৰ আহমেদ, ৱাছিম আনচাৰী আৰু ৰাজেন জয়চোৱাল বুলি জানিব পৰা গৈছে ৷ তিনিচুকীয়া সদৰ থানাৰ চহৰ পৰিদৰ্শক ভাস্কৰ বৰুৱাই উল্লেখ কৰা অনুসৰি, আটক কৰা তিনি জুৱাৰীৰ পৰা আৰক্ষীয়ে জুৱাৰ সৈতে জড়িত আই পেডৰ আৰু বিভিন্ন আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে তিনি জুৱাৰীক অধিক তথ্যৰ বাবে নিজৰ জিম্মাত ৰাখিছে ৷ এই সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে আটকাধীন IPL জুৱাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.