Tragic incident in Barpeta : একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু, 4 জন চিকিৎসাধীন
🎬 Watch Now: Feature Video
বৰপেটাৰোডৰ সমীপৰ উত্তৰ চাফাকামাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এসপ্তাহৰ ভিতৰতে একেটা পৰিয়ালৰ তিনি গৰাকী লোকৰ মৃত্যু (Three people from same family dieds within a week) হোৱাৰ লগতে 4 জন লোক গুৰুতৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ চাফাকামাৰৰ আব্দুৰ ৰহমানৰ ঘৰত ৷ ইতিমধ্যে আব্দুল ৰহমানৰ পত্নী, কন্যা আৰু নাতিনীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ লগতে পৰিয়ালৰ আন চাৰিজন লোক সম্প্ৰতি গুৰুতৰ ভাৱে অসুস্থ হোৱাত বৰপেটাৰোড চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷ তেওঁলোকৰ অৱস্থাও সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ গুৰুতৰভাৱে অসুস্থ পৰিয়ালৰ লোককেইজন ক্ৰমে, আনোৱাৰ বেগম (50), ৰেহেনা খাটুন ( 12), ৰাহিজুল ( 7) আৰু আব্দুল ৰহমান ( 50) বুলি জানিব পৰা গৈছে ৷ কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও খাদ্যত বিষক্ৰিয়াৰ ফলতেই এই দুখজনক ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ একে সপ্তাহতে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত সম্প্ৰতি শোকৰ ছাঁ পেলাইছে ৷
Last Updated : Feb 3, 2023, 8:11 PM IST