Justice for Dibyaranjan Deka murder : দিব্যৰঞ্জন ডেকাৰ মৃত্যুৰ ন্যায় তদন্তৰ দাবী পৰিয়ালৰ - পৰিকল্পিত ভাৱে হত্যা
🎬 Watch Now: Feature Video
দিব্যৰঞ্জন ডেকাৰ মৃত্যুৰ ন্যায় তদন্তৰ দাবীত পৰিয়ালৰ সংবাদমেল । গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে সংবাদমেল সম্বোধন কৰি উত্তৰ প্ৰদেশৰ ইটোৱা জিলাত দিব্যৰঞ্জন ডেকাৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত দাবী কৰিছে দিব্যৰঞ্জন ডেকাৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে । পৰিকল্পিতভাৱে দিব্যৰঞ্জন ডেকাক গাখীৰ মাফিয়াই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । কিন্তু আজি পৰ্যন্ত এই বিষয়ত কোনো তদন্ত নহ’ল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচতো কোনো ধৰণৰ তদন্ত আগনবঢ়াৰ অভিযোগ পৰিয়াল লোকৰ (Victims Family demands justice for Dibyaranjan Deka murder)। সেয়েহে এই ক্ষেত্ৰত পুনৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে । উল্লেখ্য যে, দিব্যৰঞ্জন ডেকা উত্তৰ প্ৰদেশৰ ইটোৱা জিলাৰ মাদাৰ ডায়েৰীত গুণ নিয়ন্ত্ৰক বিষয়া হিচাপে ২০১৬ চনত যোগদান কৰিছিল । তেওঁ গুণগত মান অর্থাৎ গাখীৰৰ ফেটৰ পৰিমাণ বৃদ্ধিৰ বাবে ঘোচ দিয়া হৈছিল যদিও তেওঁ গ্ৰহণ কৰা নাছিল । তেনে সময়তে ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত এক পথ দুৰ্ঘটনাৰ ৰূপ দি পৰিকল্পিত ভাৱে হত্যা কৰিছিল দিব্যৰঞ্জন ডেকাক । দুৰ্ঘটনাত পতিত হোৱাৰ পাচতো তেওঁৰ দেহত একো আঘাতৰ চিন দেখা পোৱা নাছিল পৰিয়ালৰ লোকে ৷ এই অভিযোগ দিব্যৰঞ্জন ডেকাৰ পিতৃ-মাতৃৰ ।
Last Updated : Feb 3, 2023, 8:38 PM IST