Protest at Rangia: ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰঙিয়াত পৌৰ কৰ্মী প্ৰতিবাদ
🎬 Watch Now: Feature Video
ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ত পুনৰ ওলমিল তলা । এইবাৰ তিনিদিনলৈ বন্ধ থাকিব কাৰ্যালয় ৷ সোমবাৰে পৌৰসভাৰ কাৰ্যালয়ৰ মূল গেটত তলা লগাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল ৰঙিয়াৰ পৌৰ কৰ্মীসকল (Protest at Rangia) । ৰাজ্য চৰকাৰলৈ প্ৰতিবাদী পৌৰ কৰ্মীৰ দাবী, শীঘ্ৰে চৰকাৰে মুকলাই দিয়ক বকেয়া দৰমহা ৷ লগতে পৌৰ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰক ৷ সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, বছৰ বছৰ ধৰি নগৰ আৰু নিকায়সমূহৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহা এইসকল কৰ্মচাৰীয়ে ন্যাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে । লগতে পৌৰসভা ভেদে বিগত প্ৰায় ছমাহৰ পৰা ৩৭ মাহ পৰ্যন্ত কৰ্মচাৰীয়ে দৰমহা লাভ কৰা নাই ৷ ফলত এইসকল কৰ্মচাৰীয়ে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে । সুদীৰ্ঘ ৪৭ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা এই কৰ্মচাৰীসকলৰ সমস্যা সমাধানত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এইসকল প্ৰতিবাদকাৰীৰ । এনেবোৰ সমস্যা সমাধান আৰু প্ৰাপ্য অনুসাৰে সা-সুবিধাৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত কৰ্মচাৰীসকলে সোমবাৰে ৰূপায়ন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ (Rangia Municipal workers protest)৷
Last Updated : Feb 3, 2023, 8:36 PM IST