Rail blockade at Bihpuria: বিহপুৰীয়াৰ হাৰমতীত ৰে’ল অৱৰোধ - Rail blockade by Matak Yuva Chatra Sammelan

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 4, 2022, 11:22 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

বিহপুৰীয়াৰ হাৰমতীত ৰে’ল অৱৰোধ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদৰ (Rail blockade at Bihpuria)৷ বুধবাৰে নিশা 8 বজাত লখিমপুৰ জিলাৰ হাৰমতী ৰে’ল ষ্টেশ্যনত ডেকাৰগাঁও এক্সপ্ৰেছ আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰি সাংবিধানিক মৰ্যদা প্ৰদান কৰাকে লৈ কেবাটাও দাবীৰে শিৱসাগৰকে ধৰি দুই স্থানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদে ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে যে ৰাজ্যৰ বানপানী আৰু গঢ়াখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদানেৰে বিজ্ঞানসন্মত ভাৱে স্থায়ী সমাধান কৰা, মটক জনগোষ্ঠীক অতি শীঘ্ৰে পূৰ্ণ স্বায়ত্ব শাসন প্ৰদান কৰা, আলফা চৰকাৰৰ মাজত শান্তি আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰক ৷ এই সমূহ দাবী চৰকাৰে মানি নললে পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে চৰকাৰ সলনি কৰাৰো হুংকাৰ প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.