Protest for including in Majuli district: মাজুলী জিলাৰ সৈতে চামিলৰণৰ দাবীত লখিমপুৰ জিলাত উত্তাল প্ৰতিবাদ - Protest demanding merger with Majuli district

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 12, 2023, 2:21 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

লখিমপুৰ, 12 ফেব্ৰুৱাৰী :  লখিমপুৰ জিলাৰ পূৱ তেলাহী অঞ্চলত প্ৰতিবাদ (Protest in Lakhimpur) ৷  লখিমপুৰ জিলাৰ পূৱ তেলাহী অঞ্চলৰ কুৰিৰো অধিক গাঁও লখিমপুৰ জিলাৰ পৰা কৰ্তন কৰি মাজুলী জিলাত চামিল কৰাৰ দাবীত পূৱ তেলাহী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদৰ খেলপথাৰত 12 ফেব্ৰুৱাৰীৰ পুৱাই গঢ়ি তোলা হয় প্ৰতিবাদী কাৰ্যসূচীৰ (Protest for including in Majuli district) ৷ পূৱ তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ন-আলি, গাঘৰমুখ বালি, এক নং মৰ্টন চাপৰি, পুৰণি ঢলা, টামাৰ গাঁও, ডফলাকটা, ঘূলি গাঁও, মুকপি , শান্তিপুৰ, গুৱালবাৰী, গামচুক, বালিজান, মাজৰ চাপৰি, এছেৰাকটা, আদিসূতি, কঢ়া চাপৰি, জেংৰাই শিঙিমাৰীকে ধৰি সমীপৱৰ্তী বিভিন্ন গাঁৱৰ পৰা ওলাই অহা হেজাৰ হেজাৰ আবাল বৃদ্ধ বণিতাই মাজুলী জিলাত গাঁওবোৰ চামিলৰ বাবে বিশাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ৷ 

পুৰুষ- মহিলা,যুৱক-যুৱতীৰ লগতে টিএমপিকে (Takam Mising Porin Kebang),এম এম কে, টি এম এম কেৰ দৰে দল-সংগঠনেও প্ৰতিবাদত অংশগ্ৰহণ কৰি তেওঁলোকৰ গাওঁবোৰ লখিমপুৰ জিলাৰ পৰা কৰ্তন কৰি মাজুলী জিলাত অৰ্ন্তভুক্ত কৰিবলৈ দাবী জনায় ৷ প্ৰতিবাদী ৰাইজে যিকোনো ত্যাগৰ বিনিময়ত পূৱ তেলাহী গাঁও পঞ্চায়তবাসীক মাজুলী জিলাত অন্তৰ্ভুক্ত কৰোৱাব লাগে বুলি জোৰদাৰ দাবী তোলে (Protest demanding merger with Majuli district )। 

প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালভাৱে পূৱ তেলাহী গাঁও পঞ্চায়তক মাজুলীত চামিলকৰণৰ প্ৰসংগত এখন পূৱ তেলাহী গাঁও পঞ্চায়তৰ উদ্যোগত এখন গাঁও সভাও অনুষ্ঠিত হয় (Integration of East Telahi Gaon Panchayat in Majuli) । লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে আয়োজিত কৰা হয় গাওঁ সভাখন (Lakhimpur dc) । পূৱ তেলাহী গাঁও পঞ্চায়তবাসীক মাজুলীত চামিলকৰণৰ ফলত উল্লেখিত এলেকাটোৰ বাসিন্দাসকলে দিনৰ পিচত দিন ধৰি বঞ্চিত হৈ অহা সুবিধাবোৰ আদায় কৰিবলৈ সক্ষম হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

পূৱ তেলাহী গাঁও পঞ্চায়তবাসী মাজুলীত অন্তৰ্ভুক্ত হোৱাৰ ফলত আৰ্থ সামাজিক, প্ৰশাসনিক, যাতায়ত-যোগাযোগ, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্ৰৰে প্ৰাপ্য সা-সুবিধা লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে পূৱ তেলাহীবাসীয়ে । উল্লেখ্য যে, 2016 চনৰ পৰা পূৱ তেলাহী গাঁও পঞ্চায়তবাসীয়ে এই দাবী উত্থাপন কৰি আহিছে যদিও বিষয়টো আজিকোপতি চৰকাৰে কোনো ধৰণেৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি আক্ষেপেৰে জানিবলৈ দিয়ে ৷ শীঘ্ৰে এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ নকৰিলে অনাগত দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে পূৱ তেলাহী গাঁও পঞ্চায়তবাসীয়ে ৷ 

লগতে পঢ়ক: Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.