thumbnail

By

Published : Jan 3, 2023, 10:54 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Kola Utsav in Odisha : কলা উৎসৱত ঢোল বাদনেৰে অসমক প্ৰতিনিধিত্ব কৰিব মৰাণৰ প্ৰাৰ্থনা চুতীয়াই

ঢোল বাদনেৰে জগত জিনাৰ আশা মৰাণৰ প্ৰাৰ্থনা চুতীয়াৰ । ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা ওডিশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া কলা উৎসৱত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব মৰাণৰ প্ৰাৰ্থনা চুতীয়াই (Prathana Chuita of Moran participates Kola Utsav in Odisha) । প্ৰাৰ্থনা চুতীয়া হৈছে মৰাণ ১ নং ডোমৰদলং গাঁৱৰ দাদুল চুতীয়াৰ কন্যা । পিতৃ দাদুল চুতীয়াৰ প্ৰচেষ্টাত ঢোলৰ অ-আ-ক-খ শিকা প্ৰাৰ্থনাৰ সপোন এগৰাকী ওজা হোৱাৰ । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত প্ৰাৰ্থনা চুতীয়াই অসমৰ হৈ ঢোল বাদনত প্ৰতিনিধিত্ব কৰিব বুলি ওলোৱা খবৰৰ পিচত এতিয়া উখল মাখল পৰিৱেশ । আজিৰে পৰা আৰম্ভ হোৱা কলা উৎসৱত ভাৰতৰ ৩৭ খন ৰাজ্যই অংশগ্ৰহণ কৰিব ৷ ইয়াৰ মাজতে অসমৰ ২০ জনীয়া লোকবাদ্য বাদক আৰু শিল্পীৰ দলেও অংশগ্ৰহণ কৰিব (Kola Utsav in Odisha)।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.