বানত উটি গ'ল পথ, হাৰাশাস্তি কামপুৰবাসীৰ - Communication system disrupted in Kampur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15740190-163-15740190-1657002969200.jpg)
ৰাজ্যত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে (Flood situation of Assam)। অৱশ্যে কোনো কোনো জিলাত এতিয়াও বানপানীয়ে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে । বহু স্থানত নৈ-উপনৈসমূহ এতিয়াও বিপদসীমাৰে বৈ আছে । নগাঁও জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু লোকে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে (Flood affects Nagaon)। কিয়নো বহু ঠাইত বাট-পথ পানীয়ে উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে । কামপুৰ অঞ্চলত নিশাৰী নৈয়ে কলাইখোৱা-পলশা-বৰকলা সংযোগী পথটো ছিগি নিয়াত বন্ধ হৈ পৰিছে যাতায়ত (Communication system disrupted in Kampur)। বৰ্তমানেও পথৰ ওপৰেৰে বাগৰি আছে পানী । পথটোৰ ঠায়ে ঠায়ে আকৌ এবুকু পৰ্যন্ত দ' গাঁতৰ সৃষ্টি হৈছে । যাৰ বাবে নিজ কামপুৰ পঞ্চায়তৰ কলাইখোৱাৰ উক্ত পথটোৱেদি এতিয়া যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ইয়াৰ ফলস্বৰূপে একপ্ৰকাৰ বাহিৰৰ জগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ । আনকি এগৰাকী ৰোগীক নিবলৈও কোনো ব্যৱস্থা নাই । সেয়ে অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:24 PM IST