Bamunbari High School: পৰিচালনা সমিতিৰ সভাপতিয়ে প্ৰধান শিক্ষকৰ পৰা কাঢ়ি নিলে মধ্যাহ্ন ভোজনৰ ধন

By

Published : Jan 27, 2023, 7:45 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰী, 27 জানুৱাৰী: নলবাৰী জিলাৰ মুকালমুৱাৰ বামুণবড়ীত এখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে উঠিছে গুণ্ডাগিৰিৰ অভিযোগ । বিদ্যালয় পৰিচলনা সমিতিৰ সভাপতিয়ে প্ৰধান শিক্ষকৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লৈ যায় বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ধন ৷ এই ঘটনা সংঘটিত হৈছে বামুণবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ত(Bamunbari High School) ৷  

উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবৰ আলী আহমেদে ৰামপুৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ(Midday meal) ধন উলিয়াবলৈ গৈছিল ।  বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি চৈয়দ জাবেদুৰ ৰহমানো প্ৰধান শিক্ষকগৰাকীৰ লগত বেংকলৈ গৈছিল । বেংকৰ পৰা প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবদ চৰকাৰৰ পৰা অহা দুই লাখ টকা উলিয়াই আনে ।

কিন্তু লক্ষণীয় কথাটো হ’ল যে, বিদ্যালয়ৰ সভাপতি চৈয়দ জাবেদুৰ ৰহমানে প্ৰধান শিক্ষকগৰাকীৰ পৰা 50 হাজাৰ টকা বেংকৰ ভিতৰৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লৈ উধাও হয় । সভাপতিজনে প্ৰধান শিক্ষকগৰাকীৰ পৰা টকাখিনি বলপূৰ্বকভাৱে কাঢ়ি লৈ যোৱা দৃশ্য বন্দী হৈছে বেংকৰ CCTV কেমেৰাত ৷ এই সমগ্ৰ ঘটনা অধ্যক্ষ বাবৰ আলী আহমেদে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে দৌলাশাল আৰক্ষী চকীত সভাপতি চৈয়দ জাবেদুৰ ৰহমানৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ(Nalbari Bamunbari High School incident) ৷  

উল্লেখযোগ্য যে, সভাপতি চৈয়দ জাবেদুৰ ৰহমান বামুণবড়ীৰে শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী । আনহাতে সভাপতি চৈয়দ জাবেদুৰ ৰহমানে বিভিন্ন সময়ত প্ৰধান শিক্ষকগৰাকীক ধন দাবী কৰি আছিল বুলিও অভিযোগ উত্থাপন হৈছে । সভাপতিগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে প্ৰধান শিক্ষক বাবৰ আলী আহমেদে ৷ 

সভাপতি চৈয়দ জাবেদুৰ ৰহমানৰ কাণ্ডই এতিয়া জিলাখনতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ এই ঘটনা সন্দৰ্ভত অভিভাৱকসকলেও সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক: Gang rape at Basistha : গুৱাহাটীৰ বশিষ্ঠত দহ যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.