Moina Nayak Update: নিজ বাসগৃহত উপস্থিত হ’ল মইনা

By

Published : Feb 8, 2023, 7:57 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

মৰাণ, 7 ফেব্ৰুৱাৰী:  ৰাজ্যবাসীৰ আশীৰ্বাদত ৭ মাহৰ পাছত চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল মইনা নায়ক (Moina Nayak is back to home) ৷ নিজ কন্যাক সুস্থ অৱস্থাত দেখি মইনাৰ ঘৰখনত সুখৰ বন্যা বৈছে ৷  মঙলবাৰে পুৱতি নিশা মইনা বাসগৃহত উপস্থিত হোৱাৰ পিচতে সকলোৰে মুখত এতিয়া কেৱল হাঁহি আৰু আনন্দ (Moina Nayak Update)।

উল্লেখ্য যে মইনা নায়ক ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাৰ লক্ষ্মী টি কোম্পানীৰ অধীনত অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত আছিল (Moina Nayak Health Update)। 2022 বৰ্ষৰ 19 জুলাই দিনা লেপেটকটা চাহ বাগিচাৰ অস্থায়ী চাহ শ্ৰমিক মইনা নায়কে কলঘৰৰ চি. টি. চি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। চি টি চি মেচিনে মূৰৰ চুলি আৰু ছাল সম্পূৰ্ণৰূপে এৰুৱাই নিছিল মইনাৰ ৷  

ইয়াৰ পিচতে মইনা নায়কক গুৰুতৰ অৱস্থা প্ৰথমে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ (Assam medical college hospital)লৈ যোৱা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত মইনাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (Guwahati Medical college hospital) প্ৰেৰণ কৰা হৈছিল ৷ এই ঘটনাই সমগ্ৰ অসমজুৰি তোলপাৰ লগাইছিল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মইনাৰ চিকিৎসাৰ বাবে  দাবী উত্থাপন কৰি বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ 

এই প্ৰতিবাদৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে বিনামূল্যে চিকিৎসা প্ৰদানৰ কথা ঘোষণা কৰিছিল । লগতে বাগিচা কৰ্তৃপক্ষক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে মইনা নায়কৰ চিকিৎসালয়ৰ লগতে সমগ্ৰ খৰচৰ দায়িত্ব ল'বলৈ বাধ্য কৰাইছিল । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এলানি দীঘলীয়া অস্ত্ৰোপচাৰ, চিকিৎসকৰ প্ৰচেষ্টাৰ পাচত প্ৰায় সুস্থ হৈ উঠিছে মইনা ৷

মইনাক সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈ যদিও অনাগত দিনত চিকিৎসকৰ পৰামৰ্শ অনুসৰি চাহ বাগিচা চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিব মইনা ৷ অৱশ্যে সামান্য চকুৰ বিষ আৰু মূৰৰ বিষ আছে বুলি উল্লেখ কৰি মইনাই হাস্পতাল সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ 

ইফালে মইনা ঘৰলৈ অহাৰ পিচতে GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনায় যে মইনাৰ এতিয়াও কিছু চিকিৎসা বাকী আছে ৷ টিছু আৰু হেয়াৰ প্লাণ্টেশ্বনৰ কামৰ বাবে ডেৰমাহৰ পাচত মইনা নায়ক পুনৰ আহিব লাগিব GMCH লৈ ৷ মইনাৰ প্ৰচুৰ ইচ্ছাশক্তিয়ে এক নতুন জীৱন দিয়াত সহায় কৰিছে (Moina Nayak released from GMCH) ৷ মইনা ঘৰখনত উপস্থিত হোৱাৰ পিচতে ভিন্ন জনে মইনা নায়কক দেখা কৰিবলৈ ঘৰখনত ভিৰ কৰা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক: Moina Nayak Discharged: সুদীৰ্ঘ 7 মাহৰ পাচত মৃত্যুক জিনি ঘৰলৈ উভতিল মইনা নায়ক

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.