চৰকাৰে দিনে নিশাই কাম কৰিছে ৰাইজৰ বাবে: সোণাৰিত মন্ত্ৰী যোগেন মহন - নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষপূতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15527341-thumbnail-3x2-sdcbhj.jpg)
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত হিতাধিকাৰী সন্মিলন (Beneficiary conference at sonari)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষপূতি(8th anniversary of Modi govt) উপলক্ষে "সেৱা, সু- শাসন আৰু গৰীৱ কল্যাণ" কাৰ্যসূচীৰ অধীনত আয়োজন কৰা হৈছে এই হিতাধিকাৰী সন্মিলনৰ । সোণাৰিৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হিতাধিকাৰী সন্মিলনত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা BJP ৰ সভাপতি লক্ষ্মীনাথ তাছাৰ লগতে চৰাইদেউ জিলা BJP ৰ বিভিন্ন পৰ্যায়ৰ বিষয়-ববীয়াসকল । উক্ত সভাত উপস্থিত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে কয়, ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিনে নিশাই এটা বছৰ কাম কৰিছে ৰাইজৰ বাবে । দেশৰ ভিতৰতে অসমৰ উন্নয়ণ পাঁচ নম্বৰলৈ নিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলো মন্ত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব বুলিও কয় মন্ত্ৰী যোগেন মহনে(Minister Jogen Mohan) ।
Last Updated : Feb 3, 2023, 8:23 PM IST