thumbnail

ICU bed inauguration: ICU বিচনাযুক্ত হ’ল মইনা খোৰোং আদৰ্শ চিকিৎসালয়

By

Published : Jan 12, 2023, 10:51 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

মইনা খোৰোং আদৰ্শ চিকিৎসালয়ত এক নতুন সংযোজন । পূৰ্বতে কোনো ICU বিচনা নথকা চিকিৎসালয়খনত ১৮ খনকৈ বিছনাযুক্ত ICU বৃহস্পতিবাৰে নতুনকৈ সংযোজন কৰা হয় । ICUটো অনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health Minister Keshab Mahanta) । লগতে এটা অক্সিজেন উৎপাদন প্লাল্টৰো মুকলি কৰা হয় ।

অনুষ্ঠানটোত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(West Guwahati MLA Ramendra Narayan Kalita) প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি । Hero Motorcop Ltd. ৰ যৌথ উদ্যোগত সংযোজন কৰা হৈছে ICU টো । ICU টো নিৰ্মাণৰ বাবে Hero Motorcop Ltd. এ ১ কোটি ৫৮ লাখ টকা আগবঢ়োৱা বুলি অনুষ্ঠানটোত জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে(Health Minister Keshab Mahanta inaugurated ICU bed) ।

উদ্বোধনী অনুষ্ঠানটোৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, কভিডৰ পিছত ICU আৰু অক্সিজেনৰ কিমান প্রয়োজন সেয়া সকলোৱে জানে । সেয়েহে এতিয়া সৰু সৰু হাস্পতালতো সকলোবোৰ ব্যৱস্থা কৰি থকা হৈছে । এতিয়া ১০০ খন বিচনাৰ লগতে ১৮ ICU বিছনাযুক্ত হ’ল মইনা খোৰোং চিকিৎসালয় ।

উক্ত অনুষ্ঠানতে মন্ত্ৰীগৰাকীৰ সন্মুখত একাংশ স্থানীয় ৰাইজে চিকিৎসকৰ বিৰুদ্ধে চিকিৎসা নকৰা অভিযোগ উত্থাপন কৰে । ৰাইজৰ অভিযোগৰ পিছতে মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে এতিয়াৰে পৰা আগবেলাৰ লগতে পিছবেলাও চলিব চিকিৎসা । শীঘ্ৰেই প্ৰসূতি বিভাগৰ চিকিৎসা চলিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.