Homen Borgohain Birth anniversary: ডিব্ৰুগড়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন হোমেন বৰগোহাঞিৰ জন্মদিন - ডিব্ৰুগড় কানৈ মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17144625-thumbnail-3x2-kjghd.jpg)
বুধবাৰে হোমেন বৰগোহাঞি স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত উদযাপন কৰা হয় হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্মদিন (Homen Borgohain Birth anniversary)। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি মনোজ্ঞ বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় । হোমেন বৰগোহাঞি স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ডাঃ নিৰ্মল চাহেৱালাৰ পৌৰহিত্যত 'বিংশ শতিকাৰ অসমীয়া আত্মজীৱনীমূলক সাহিত্য' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক তথা ড৹ ভূপেন হাজৰিকা আৰু পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড৹ জয়ন্ত কুমাৰ বৰাই । অনুষ্ঠানত স্মৃতি সুৰক্ষা সমিতিৰ সম্পাদক ডাঃ প্ৰণয় ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড৹ কন্দৰ্প কুমাৰ ডেকা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়া আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:35 PM IST