Operation against Child marriage: হোজাইত বাল্যবিবাহকাৰী স্বামীক ধৰিবলৈ প্ৰশাসন সাজু - Child marriage cases in Assam
🎬 Watch Now: Feature Video
হোজাই, 2 ফেব্ৰুৱাৰী: বাল্যবিবাহৰ বিৰুদ্ধে অসম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনক কঠোৰ হ’বলৈ আহ্বান জনোৱাৰ পিচতে সমগ্ৰ অসমত যোৱা 9 দিনত বাল্যবিবাহৰ বিৰুদ্ধে 4004 টা গোচৰ ৰুজু হৈছে । অসমৰ 36 খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে হোজাই জিলা । হোজাই জিলাত 225 টা বাল্য বিবাহৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে (Child marriage in Hojai) ।
আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক বিবৃতি অনুসৰি তেওঁলোকৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব আইনী ব্যৱস্থা । ইয়াৰ বাবে হোজাই জিলা প্ৰশাসন বাল্যবিবাহকাৰী স্বামীৰ সন্ধানৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে । তথ্য মতে, অসমৰ 36 খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা (Child marriage statistics in Assam) । গোচৰ ৰুজু হৈ আছে (Child marriage in Assam) ৷
বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত 370 টা, হোজাই জিলাত 255 টা, ওদালগুৰি জিলাত 235 টা, কামৰূপ মহানগৰ জিলাত 192 টা, গোৱালপাৰা জিলাত 157 টা, বজালী জিলাত 132 টা, বাক্সা জিলাত 153 টা, বৰপেটা জিলাত 81 টা, ডিব্ৰুগড় জিলাত 75 টা, ডিমা হাছাও জিলাত 24 টা, মৰিগাঁও জিলাত 224 টা, গোলাঘাট জিলাত 62 টা, যোৰহাট জিলাত 25 টা, কামৰূপ জিলাত 80 টা, কাৰ্বি আংলং জিলাত 126 টা,
ইয়াৰোপৰি কৰিমগঞ্জ জিলাত 92 টা, কোকৰাঝাৰ জিলাত 204 টা, লখিমপুৰ জিলাত 32 টা, মাজুলী জিলাত 44 টা, নগাঁও জিলাত 113 টা, নলবাৰী জিলাত 171 টা, শদিয়া জিলাত 85 টা, শিৱসাগৰ জিলাত 54 টা, বিশ্বনাথ জিলাত 98 টা, বঙাইগাঁও জিলাত 123 টা, কাছাৰ জিলাত 35 টা, চৰাইদেউ জিলাত 78 টা, চিৰাং জিলাত 54 টা, দৰং জিলাত 125 টা, ধেমাজি জিলাত 101 টা, শোণিতপুৰ জিলাত 60 টা, দক্ষিণ শালমাৰা জিলাত 145 টা, তামুলপুৰ জিলাত 110 টা, তিনিচুকীয়া জিলাত 73 টা, হামৰেণ জিলাত 15 টা আৰু হাইলাকান্দি জিলাত 1 টা গোচৰ ৰুজু হৈছে (Child marriage cases in Assam) ।
লগতে পঢ়ক: No to Child marriage: জেললৈ যাব লাগিব বাল্যবিবাহ কৰা স্বামীৰ লগতে কাজি-পূজাৰীও: মুখ্যমন্ত্ৰী