Bagawati Samaj Golden Jubilee : দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত টীয়কৰ ইলাৰাম দাস ক্ষেত্ৰ

By

Published : Jan 28, 2023, 9:03 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

টীয়ক, ২৮ জানুৱাৰী : হৰি নামেৰে মুখৰিত হৈছে এতিয়া সমগ্ৰ টীয়ক । লগতে মহামিলনৰ স্থলীত পৰিণত হৈছে টীয়কৰ ইলাৰাম দাস ক্ষেত্ৰ (teok converted to great union) । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৈষ্ণৱ-ভকতৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যৱসিত হৈছে সমগ্ৰ টীয়ক অঞ্চল ।  

উল্লেখ্য যে শুকুৰবাৰৰ পৰা চাৰিদিনীয়া বিস্তাৰিত কাৰ্যসূচীৰে যোৰহাট জিলাৰ টীয়কৰ মেলেংস্থিত ইলাৰাম দাস সমন্বয় ক্ষেত্ৰত একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ (golden jublee of aksaran nam dharma) প্ৰাদেশিক অধিবেশন আৰু মহা পালনাম অনুষ্ঠিত হৈছে (ak saran nam dharma bhagawati samaj) ।

ইতিমধ্যে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সফল সমাপ্তিৰ পিছত দ্বিতীয়দিনাও তৰুণ বিদ্যাৰ্থী সমাজৰ দ্বাৰা নাম-কীৰ্তনৰ লগতে প্ৰায় ২০০০ মহিলা একেলগ হৈ পৰিবেশন কৰা দিহানামে একশৰণ ভাগৱতী সমাজৰ দ্বিতীয় দিনৰ সৌষ্ঠৱ বৃদ্ধি কৰে (maha palnam in Jorhat teok) । লগতে আজিৰ এই বিশেষ দিনটোতে স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ জ্যোতিৰেখা হাজৰিকাই । ইয়াৰ লগতে প্ৰায় ১০ লক্ষাধিক ভক্তক আদৰাৰ প্ৰস্তুতিৰে একেলগে ১০০ খন চৌকাত ৫০০০ বৈষ্ণৱৰ ভোজনৰ ব্যৱস্থা কৰা হয় ।

উল্লেখযোগ্য যে ৰাজ্যৰ ২৯ খন জিলাৰ পৰা অহা লাখ লাখ ভক্তৰ বাবে সাজু কৰি ৰখা শিবিৰ ইতিমধ্যে পৰিপূৰ্ণ হোৱাৰ লগতে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব । চাৰিদিনীয়াকৈ অনুষ্ঠিত এই বিশাল কার্যসূচীত অনুষ্ঠিত হ'বলগা মহা পালনামৰ আশিস ল'বলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ বৈষ্ণৱক সাদৰেৰে নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে । ইপিনে আইমাতৃ সমাৰোহ, যুৱ সমাৰোহৰ সমান্তৰালকৈ উক্ত ক্ষেত্ৰত অনুষ্ঠিত মেলাত বহু ৰাইজৰ সমাবেশ হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য, নিশাৰ ভাগলৈ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কCM Himanta Biswa Sarma: যিসকলে বিয়া কৰোৱা নাই সোনকালে কৰি লওক : মুখ্যমন্ত্ৰী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.