thumbnail

By

Published : Oct 21, 2022, 3:56 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Gambler arrested in Barpeta : মাজদিয়া আৰক্ষীৰ জালত মোবাইল ফোন, তাচপাত, নগদ ধনসহ চাৰি জুৱাৰী

জুৱাৰ বিৰুদ্ধে বৰপেটাত মাজদিয়া আৰক্ষীৰ অভিযান । অভিযানত মোবাইল, তাচপাত, নগদ ধনসহ চাৰি জুৱাৰীক আটক কৰে মাজদিয়া আৰক্ষীয়ে (Gambler arrested in Barpeta)। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ(Majdia out post in Barpeta) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত জুৱা খেলি থকা অৱস্থাত কুকাৰপাৰৰ পৰা চাৰিটা জুৱাৰীক আটক কৰে । ধৃত জুৱাৰীকেইটা বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ(Tarabari Police Station) অন্তৰ্গত খংৰা গাঁৱৰ আহমদ আলী(৫০), চুৰমান আলী(৩২), মানিক আলী(৩০) আৰু কিচমত আলী(৩৫) । জুৱাৰী কেইটাৰ পৰা ৪ টা মোবাইল, তাচপাত আৰু নগদ ১৫,৭০০ টকা জব্দ কৰে আৰক্ষীয়ে । ধৃত জুৱাৰীকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.