Free medical camp: লেখাপানীৰ টীপঙত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন - Free medical camp in Lekhapani
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16831405-202-16831405-1667548899212.jpg)
লেখাপানীৰ টীপঙত বিনামূলীয়া চিকিৎসা শিবিৰৰ লগতে স্বাস্থ্য সজাগতা শিবিৰ সম্পন্ন(Free medical camp in Lekhapani) । ১২ নং অসম ৰাইফল'চৰ টীপং ঢালাইস্থিত সেনা ছাউনীৰ ৰেড শিল্ড ডিভিজনৰ উদ্যোগত এই বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়(Free medical camp organised by Army) । টিপঙৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰ বহু সংখ্যক লোক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত টিৰাপ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা: বিপুল কলিতাই সুস্বাস্থ্য আৰু পৰিস্কাৰ পৰিচন্নভাৱে থাকিলে কিদৰে মানুহ নিৰোগী হৈ থাকিব পাৰে সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইয়াৰোপৰি সেনাবাহিনীৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকৎসা প্ৰদান কৰাৰ উপৰিও বিনামূলীয়া ঔষধ বিতৰণ কৰা হয় ।
Last Updated : Feb 3, 2023, 8:31 PM IST