কাণ্ডজ্ঞানহীন বিদ্যুৎ বিভাগ: কাঠ, বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ গ্ৰাহকক - Electricity connection to customers
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16668953-thumbnail-3x2-yoga.jpg)
মানিকপুৰৰ নোৱাগাঁৱত বিদ্যুৎ বিভাগৰ নাভুত নাশ্ৰুত কাণ্ড (Danger situation at Manikpur)। বিজনী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত নোৱাগাঁৱত বাহঁৰ খুটা, কাঠৰ খুটা, গছৰ ঠাৰিৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগ কৰিছে বিদ্যুৎ বিভাগে ৷ বিদ্যুতৰ তাঁৰত জোৰা তাপলি মাৰি গঞাক বিদ্যুতৰ যোগান ধৰিছে বিদ্যুৎ বিভাগৰ লোকে ৷ আনকি হাতেৰে চুই দিব পৰা যায় বিদ্যুৎ তাঁৰ ৷ এতিয়া এই ঘটনাই শংকিত কৰিছে গাঁওবাসীক ৷ যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ অচিৰেই এই খুটাসমূহৰ পৰিৱৰ্তে পকী খুটা নিৰ্মাণ কৰিবলৈ দাবী জনায় স্থানীয় লোকে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST