জামাতুল মুজাহিদীনৰে জড়িত নহয় ইনামুল হক: সুধাকৰ সিং - উপ আৰক্ষী আয়ুক্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15718309-thumbnail-3x2-news.jpg)
জামাতুল মুজাহিদীন বাংলাদেশৰ(Jamaat ul Mujahideen Bangladesh)ৰ সৈতে জড়িত থকাৰ সন্দেহত শুকুৰবাৰে দিছপুৰ গেষ্ট হাউচৰ মেনেজাৰ হিচাপে কৰ্মৰত ইনামুল হকক আৰক্ষীয়ে আটক কৰি জেৰা চলাইছিল(JMB cadre arrested by Guwahati police) । আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো তথ্য নোপোৱাত আটক কৰাৰ এদিন পাছতেই মুকলি কৰি দিয়ে ৷ ইয়াৰ পাছতেই মহানগৰ আৰক্ষীৰ (পূব) আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত সুধাৰক সিঙে(City Police (East) Police District Deputy Commissioner of Police Sudhakar Singh) সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে ৷ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰি কৰা অনুসৰি ইনামূল হক জামাতুল মুজাহিদীন বাংলাদেশৰ সৈতে জড়িত নহয় । আৰক্ষীয়ে এক খবৰৰ ভিত্তি অভিযান চলাই তেওঁ আটক কৰিছিল । নিশাটো জেৰা কৰাৰ পাছত সেয়েহে আৰক্ষীয়ে মুকলি কৰি দিয়ে ইনামুলক । ইনামূলৰ পৰা উদ্ধাৰ হোৱা JMBৰ নথি-পত্ৰও ভুৱা । আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰি কৰা অনুসৰি ইনামুলক পৰিকল্পিতভাৱে ফচাবলৈ চেষ্টা কৰিছিল পূৰ্বৰ মেনেজাৰে । পূৰ্বৰ মেনেজাৰে ভুৱা পেড প্ৰিন্ট কৰি ইনামুলৰ কোঠাত ৰাখিছিল । এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে পৰিকল্পনা ৰচনা কৰা পূৰ্বৰ মেনেজাৰজন ।
Last Updated : Feb 3, 2023, 8:24 PM IST