অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - agnipath scheme
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15669404-thumbnail-3x2-svr.jpg)
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছ দলৰ প্ৰতিবাদ (Protest against Agnipath scheme) ৷ কেন্দ্ৰীয় চৰকাৰৰ সেনা ভৰ্তিকৰণৰ "অগ্নিপথ" আঁচনিৰ বিৰুদ্ধে শিৱসাগৰ জিলা কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শিৱসাগৰ নগৰৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি কংগ্ৰেছ দলৰ সমৰ্থকসকলে অনতিপলমে এই আঁচনি বাতিল কৰিবলৈ দাবী উত্থাপন কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । উক্ত আঁচনিৰ দ্বাৰা দেশৰ যুৱ সমাজৰ এক বৃহৎ ক্ষতি হ'ব বুলি উল্লেখ কৰি বিজেপি দলে দলীয় লাভৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰা বুলি অভিযোগ কংগ্ৰেছ দলৰ ।এই আঁচনি বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Last Updated : Feb 3, 2023, 8:24 PM IST