Azadi ka Amrit Mahotsav: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বিহালীত জনতা যুৱ মৰ্চাৰ বাইক ৰেলী

By

Published : Aug 11, 2022, 12:23 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ (75th Independence Day) সৈতে সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ"ৰ (Azadi ka Amrit Mahotsav) ৷ ইয়াৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে 'হৰ ঘৰ ত্ৰিৰংগা অভিযান’ৰ(Har Ghar Tiranga Campaign) ৷ বুধবাৰে বিশ্বনাথৰ বিহালী বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশ অনুসৰি উলিওৱা হয় এক বিশাল বাইক ৰেলী ৷ বিহালী আৰু বাঘমাৰী মণ্ডল জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা হয় এই বাইক ৰেলীৰ ৷ বিহালী কলেজ খেলপথাৰৰ পৰা শতাধিক বিজেপিৰ কৰ্মকৰ্তা, স্থানীয় ৰাইজৰ লগতে বৰগাং গাঁও পঞ্চায়তৰ সভাপতিয়ে অংশগ্ৰহণ কৰে সজাগতামূলক এই বাইক ৰেলীটোত । বিহালী কলেজ খেলপথাৰৰ পৰা বেদেতী, নাচবৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বাঘমৰা ব্লকত ৰেলীটোৰ অন্ত পৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.