Assam youth died: বেংগালুৰুত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু - Assam youth died in Bengaluru
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17306105-thumbnail-3x2-hati11.jpg)
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু (Assam youth died )৷ শনিবাৰে নিশা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ প্ৰাঞ্জল দেউৰী নামৰ যুৱকজনৰ শোৱাপাটীতে মৃত্যু হয় (Assam youth died in Bengaluru)৷ বিগত তিনি বছৰ ধৰি বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল প্ৰাঞ্জল ৷ ভাড়াঘৰত শুই থকা অৱস্থাত পুৱা প্ৰাঞ্জল দেউৰী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত যুৱকজনৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত ৷ প্ৰঞ্জলৰ মৃত্যুৰ পিছতে একমাত্ৰ পুত্ৰ, পত্নী আৰু মাতৃ সহিতে তিনিজনীয়া দৰিদ্ৰ পৰিয়ালটোত এতিয়া কান্দোনৰ ৰোল উঠিছে । মৃতদেহটো বেংগালোৰৰ পৰা নিজ গৃহলৈ আনি দিয়াৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক কিছু আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷ এই ৰহস্যজনক মৃত্যুক সহজভাৱে ল’ব পৰা নাই প্ৰাঞ্জলৰ পৰিয়ালে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST