Allegations against police: ধন নিদিলে আচামী নধৰে মানিকপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই - মানিকপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুছ ছামাদ
🎬 Watch Now: Feature Video
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী অপহৃত কিশোৰীৰ পিতৃৰ । অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা ১২ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে(Allegations against Manikpur OC Abdus Samad) । ঘটনা অনুসৰি, কোকিলা মৌলবীপাৰাৰ শ্বফি ভূঞাৰ দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক(16) একে গাঁৱৰে শ্বাহ কামালৰ বিবাহিত পুত্ৰ আনোৱাৰ হুছেইনে এমাহ পূৰ্বে অপহৰণ কৰি লৈ যায়(Minor girl missing in Bongaigaon) । ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালটোৱে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে যদিও আজিলৈ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । কোকিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুছ ছামাদে অপহৃত কিশোৰীগৰাকীক উদ্ধাৰৰ নামত ১২ হাজাৰ টকা লোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । ভুক্তভোগী পৰিয়ালটোৱে উৎকোচ লোৱা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ লগতে অপহৃত কিশোৰীগৰাকীক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।
Last Updated : Feb 3, 2023, 8:25 PM IST