Cycling in Assam: চাইকেলেৰে 1000 কিঃমিঃ অতিক্ৰম কৰি নগাঁৱত উপস্থিত 60 বছৰীয়া চিকিৎসক - Bhupen Hazarika Setu
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16867253-thumbnail-3x2-vjds.jpg)
ৰাজ্যৰ ভিতৰতে এজন প্ৰখ্যাত চিকিৎসক তথা ডাউনটাউন হাস্পতালৰ(Down town hospital) জ্যেষ্ঠ এনাষ্ঠেচিয়া বিশেষজ্ঞ ডাঃ কৃষ্ণকান্ত আচাৰ্য (Dr Krishna Kanta Acharya Anesthesiologist)। 60 বৰ্ষ গৰকা চিকিৎসকগৰাকীয়ে চাইকেলেৰে অতিক্ৰম কৰিলে 1000 কিঃমিঃ ৷ ২৮ অক্টোবৰতে গুৱাহাটীৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি ডাঃ আচাৰ্যই ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজৰ হীৰক জয়ন্তী অভিৱৰ্তনত(Platinum jubilee of Assam Medical College) অংশগ্ৰহণ কৰে ৷ এখন চাইকেলেৰে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি ধলা-শদিয়া(Bhupen Hazarika Setu) দলং হৈ অসম মেডিকেল কলেজৰ হীৰক জয়ন্তী অভিৱৰ্তনস্থলীত উপস্থিত হয় চিকিৎসকগৰাকী । ইয়াৰ পাছতে পুনৰ চিকিৎসকগৰাকীয়ে চাইকেলেৰে ডিব্ৰুগড়ৰ পৰা লখিমপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, কলীয়াভোমোৰা দলং হৈ উপস্থিত হয় নগাঁৱৰ পুৰণিগুদামত । ৬০ উৰ্ধৰ হৈও চাইকেলেৰে ১০০০ তকৈও কিলোমিটাৰোধিক দূৰত্ব অতিক্ৰম কৰি পুনৰ পুৰণিগুদামৰ পৰা গুৱাহাটী অভিমুখী হয় যশস্বী চিকিৎসক ডাঃ কৃষ্ণকান্ত আচাৰ্য ।
Last Updated : Feb 3, 2023, 8:31 PM IST