thumbnail

By

Published : Feb 26, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

কংগ্ৰেছে এটা নিদ্দিৰ্ষ্ট সাম্প্ৰদায়িক লোককহে প্ৰতিনিধিত্ব কৰে : কংগ্ৰেছ ত্যাগী সদস্য

‘‘ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে এটা নিদ্দিষ্ট সাম্প্ৰদায়িক লোককহে প্ৰতিনিধিত্ব কৰে ৷ অসমৰ খিলঞ্জীয়া জাতিক কংগ্ৰেছে প্ৰতিনিধিত্ব নকৰে ৷ অসমীয়া জাতি-জনগোষ্ঠীৰ প্ৰতি কংগ্ৰেছৰ উদাসীন মনোভাৱ ৷’’ এয়া কংগ্ৰেছৰ পৰা সদ্য পদত্যাগী এগৰাকী সদস্যৰ ভাষ্য ৷ শনিবাৰে মাজুলীৰ ফুলনি ৰংগমঞ্চত আয়োজন কৰা হয় বিজেপিৰ এখন সভা ৷ মাজুলীৰ নিৰ্বাচন(Majuli by election 2022)লৈ মাজত কিছু দিন থকাৰ প্ৰাকমূহুৰ্তত আয়োজন কৰা এই সভাতে কংগ্ৰেছৰ প্ৰায় ডেৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত (Congress members officially joined BJP in Majuli) ৷ সাংসদ প্ৰদান বৰুৱা, জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, জিলা সম্পাদকদ্বয় দেৱব্ৰত দত্ত আৰু দেৱ মুদৈ উপস্থিত থকা উক্ত সভাত বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ লগতে মাজুলীৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলত যোগদান কৰা সকলক সাংসদ প্ৰদান বৰুৱা, মাধৱ দেউৰী, লোকনাথ কুটুমে দলীয় গামোচা আৰু টুপী পিন্ধাই দললৈ আদৰণি জনায় ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.