Road accident at Barpeta Road: বৰপেটাৰোডত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক - Fakhruddin Ali Ahmed Medical College and Hospital
🎬 Watch Now: Feature Video
বৰপেটাৰোডত মঙলবাৰে নিশা সংঘটিত এক পথ দূৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় (Road accident at Barpeta Road)৷ নিহত যুৱকজন দীপক ঘোষ বুলি জানিব পৰা গৈছে (one youth death in accident at Barpeta Road) ৷ ইপিনে,গুৰুতৰভাৱে আহত ৰূপম সৰকাৰক সংকটজনক অৱস্থাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় (Fakhruddin Ali Ahmed Medical College and Hospital) ৷ বৰপেটাৰোডৰ সাতভনীৰটুপৰ দিলীপ ঘোষৰ একমাত্ৰ পুত্ৰ দীপকে AS 15V 2865 নম্বৰৰ বাইকেৰে নিশা কাটাঝাৰ পাথাৰৰ বন্ধুৰ ঘৰৰ পৰা নিশা সাতভৰটুপৰ নিজ গৃহলৈ আহি থকাৰ সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথৰ কাটাঝাৰ পাথাৰত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত থিতাতে নিহত হয় বাইক আৰোহী দীপক ৷ আহত ৰূপম সৰকাৰৰ ঘৰ কাটাঝাৰত বুলি জানিব পৰা গৈছে ৷ ইপিনে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে পলায়ন কৰে ।
Last Updated : Feb 3, 2023, 8:35 PM IST