নাৰায়ণপুত নিৰ্বাচনকেন্দ্ৰিক সংঘাত: আহত হয় তিনি বিজেপি কৰ্মী - Narayanpur Municipal election
🎬 Watch Now: Feature Video
নাৰায়ণপুৰত বিজেপি কৰ্মী আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত সংঘাত (Electoral conflict at Narayanpur)৷ নাৰায়ণপুৰ পৌৰসভাৰ ৫ (খ) ৱাৰ্ডত বৃহস্পতিবাৰে নিশা সৃষ্টি হয় এক নিৰ্বাচনী হিংসা ৷ ৱাৰ্ডটোত বিজেপি কৰ্মকৰ্তা আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজৰ মাৰপিটৰ ঘটনাত আহত হয় তিনি গৰাকী বিজেপি কৰ্মী ৷ অভিযোগ অনুসৰি নিশা প্ৰায় এঘাৰ বজাত ৱাৰ্ডটোত পলাশ শইকীয়া, চলু আলি আৰু তপন চেকনীধৰা নামৰ তিনি বিজেপি কৰ্মীয়ে মদ্যপান কৰি অশ্ৰাব্য গালিৰে নিৰ্দলীয় প্ৰাৰ্থী হৰিশ চন্দকৰ সমৰ্থকক আক্ৰমণ কৰাৰ সময়তে বাহিৰলৈ ওলাই অহা এগৰাকী মহিলাক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ উপৰিও শ্লীলতা হানিৰ চেষ্টা কৰে ৷ আনহাতে বিজেপি কৰ্মী তিনিজনেও তেওলোকক নিৰ্দলীয় প্ৰাৰ্থীজনৰ সমৰ্থকে মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ দুয়োপক্ষই নাৰায়ণপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷
Last Updated : Feb 3, 2023, 8:18 PM IST