ETV Bharat / sukhibhava

Sexually Transmitted Infections: যৌন সংক্ৰমণৰ লক্ষণসমূহ কি কি ? প্ৰতিৰোধৰ পৰামৰ্শ জানি লওক

author img

By

Published : Apr 16, 2023, 5:56 PM IST

কি কাৰণত হয় যৌন সংক্ৰমণ ? ইয়াৰ লক্ষণসমূহ কি কি ? বিপদজনক কাৰক আৰু বিশেষজ্ঞৰ দ্বাৰা এছটিআইৰ প্ৰতিৰোধৰ টিপছৰ বিষয়ে জানি লওক এই প্ৰতিবেদনত (Sexually transmitted infections) ৷

Sexually transmitted diseases
কি কাৰণত হয় যৌন সংক্ৰমণ

যৌন সংক্ৰমণ বা এছটিআই হৈছে বিশ্বজুৰি এক স্বাস্থ্যজনিত চিন্তাৰ বিষয় (Sexually transmitted infections) ৷ যিয়ে প্ৰতি বছৰে লাখ লাখ লোকক আক্ৰান্ত কৰে আৰু মহিলাৰ গুপ্তাংগ, পুৰুষৰ মলদ্বাৰ আৰু লিংগ জড়িত যিকোনো ধৰণৰ যৌন কাৰ্যকলাপৰ পিচত ৰোগীয়ে ভুগিবলগীয়া কিছু যৌন সংক্ৰমণ ৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি যৌন সংস্পৰ্শৰ জৰিয়তে ৩০টা ভিন্ন প্ৰজাতিৰ বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱী সংক্ৰমিত হ’ব পাৰে, যাৰ ফলত প্ৰতিদিনে ১০ লাখতকৈ অধিক লোক আক্ৰান্ত হয় ।

ইন্দিৰা আইভিএফৰ চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক ডাঃ ক্ষীতিজ মুৰ্ডিয়াই মানুহক প্ৰভাৱিত কৰা আৰু পিচলৈ, তেওঁলোকৰ যৌন আৰু প্ৰজনন স্বাস্থ্যতো বাধাৰ সৃষ্টি কৰা কেইবাটাও এছটিআইৰ ওপৰত আলোকপাত কৰে (Sexually transmitted diseases) ৷ তলত উল্লেখ কৰা কাৰণসমূহৰ ফলত সৃষ্টি হয় যৌন সংক্ৰমণ. . .

ক্ল’মাইডিয়া

WHO ৰ তথ্য অনুসৰি ২০২০ চনত ১২ কোটি ৯০ লাখ লোক সংক্ৰমিত হৈছে ৷ ক্ল’মাইডিয়া হৈছে আটাইতকৈ সাধাৰণ STI লিংগৰ পৰা নিৰ্গমন, মলদ্বাৰৰ বিষ, লগতে অণ্ডকোষত বিষ, ফুলা আদি । যদিহে সংক্ৰমণ পায়ুপথ বা মৌখিক যৌন সম্পৰ্কৰ জৰিয়তে সংক্ৰমিত হৈছিল তেন্তে ৰোগীৰ ডিঙিৰ বিষ হ’ব পাৰে ।

মহিলাৰ ক্ষেত্ৰত ক্ল’মাইডিয়াই ফেল’পিয়ান টিউবত প্ৰদাহ আৰু দাগ পৰাৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত ডিম্বাশয় শুক্ৰাণুৰ দ্বাৰা নিষিক্ত হ’ব নোৱাৰে । ইয়াৰ ফলত পেলভিক ইনফ্লেমেটৰী ডিজিজো হ’ব পাৰে ।

গনোৰিয়া

গনোৰিয়া নেইচেৰিয়া গন’ৰিয়া নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয় । মহিলাৰ ক্ষেত্ৰত চিকিৎসা নকৰিলে ই জৰায়ু আৰু ফেল’পিয়ান টিউবলৈকে বিয়পি পৰি পিআইডি হ’ব পাৰে ৷ আনহাতে পুৰুষৰ ক্ষেত্ৰত ই এপিডিডাইমাইটিছ হ’ব পাৰে যিটো এপিডিডাইমিছৰ প্ৰদাহ । এনেবোৰ ক্ষেত্ৰত শুক্ৰাণুৰ সৈতে নিষেচনত বাধাৰ সৃষ্টি হয় ।

চিফিলিছ

WHO ৰ মতে ২০২০ চনত ৭১ লাখ লোক চিফিলিছত আক্ৰান্ত হৈছিল আৰু ইয়াৰ কাৰণ হৈছে Treponema pallidum নামৰ এটা বেক্টেৰিয়া । সংক্ৰমিত ব্যক্তিয়ে চাংক্ৰে নামৰ ঘাঁৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে ই বিয়পে আৰু গৰ্ভাৱস্থাত মাতৃৰ পৰা সন্তানলৈ বিয়পিব পাৰে । চিফিলিছৰ চিকিৎসা নকৰিলে প্ৰজনন তন্ত্ৰৰ সৈতে জড়িত অংগসমূহকে ধৰি স্নায়ুৰ ক্ষতি হ’ব পাৰে । এনে জটিলতাই পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

হিউমেন পেপিলোমা ভাইৰাছ (HPV)

হিউমেন পেপিলোমা ভাইৰাছ হৈছে যৌন সংক্ৰমণ হোৱা ভাইৰাছ । মহিলাৰ ক্ষেত্ৰত ই ছাৰ্ভাইকেল কেন্সাৰৰ অন্যতম মূল কাৰণ, ই ছাৰ্ভাইক্স আৰু মহিলাৰ গৰ্ভধাৰণ ক্ষমতাত প্ৰভাৱ পেলায় । পুৰুষৰ ক্ষেত্ৰত ইয়াৰ ফলত যৌনাংগৰ উফি হ’ব পাৰে ।

স্বাস্থ্য বিশেষজ্ঞৰ মতে যৌন সংক্ৰামক ৰোগৰ লক্ষণসমূহ হ’ল-

লিংগ ফুলা বা তীব্ৰ সংক্ৰমণ বা তীব্ৰ খজুৱতি

লিংগ, যোনি, মুখ বা মলদ্বাৰৰ ওপৰত বা ওচৰত বাম্প, ঘা বা উফি

লিংগৰ স্ৰাৱ বা যোনিৰ পৰা স্ৰাৱ যি দুৰ্গন্ধযুক্ত

অস্বাভাৱিকভাৱে মাজে মাজে ৰক্তক্ষৰণ

বেদনাদায়ক যৌন সম্পৰ্ক

বিষ বা সঘনাই প্ৰস্ৰাৱ কৰা

তলত দিয়া প্ৰতিৰোধৰ পৰামৰ্শসমূহ গ্ৰহণ কৰিব পাৰে

1)কণ্ডমৰ ব্যৱহাৰ

এছ টি আই ৰোগৰ বিস্তাৰ ৰোধৰ বাবে কণ্ডম এক ফলপ্ৰসূ পদ্ধতি । যোনি, পায়ু বা মৌখিক যৌন সম্পৰ্কৰ সময়ত লেটেক্স বা পলিয়ুৰেথেন কণ্ডম ব্যৱহাৰ কৰি সংক্ৰমণৰ সম্ভাৱনা কম কৰিব পাৰি ৷

2)টিকাকৰণ

কিছুমান এছটিআইৰ বাবে ভেকচিন উপলব্ধ হয়, যেনে হিউমেন পেপিলোমা ভাইৰাছ (HPV) আৰু হেপাটাইটিছ বি । টিকাকৰণৰ পৰামৰ্শ দিয়া হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে কথা পতাটো গুৰুত্বপূৰ্ণ

3)নিয়মিতভাৱে পৰীক্ষা কৰক

পৰীক্ষাই সংক্ৰমণ আগতীয়াকৈ ধৰা পেলোৱাত সহায় কৰিব পাৰে আৰু সংক্ৰমণ আনলৈ বিয়পি পৰাত বাধা দিব পাৰে

4)যৌন সঙ্গীক সীমিত কৰক

যৌন সংগীৰ সংখ্যা হ্ৰাস কৰিলে এছটিআই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও হ্ৰাস পাব পাৰে

5)যোগাযোগ

যৌন সংগীৰ সৈতে এছটিআইৰ বিষয়ে মুকলি যোগাযোগ অতি গুৰুত্বপূৰ্ণ

লগতে পঢ়ক: Gomutra unfit for human: মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক গোমূত্ৰ; অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.