ETV Bharat / sukhibhava

চকুঁৰ পেশীৰ অৱসাদ দূৰত যোগাভ্যাসৰ ভূমিকা - বিশ্ৰাম

অনলাইন পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰী সকলে কম্পিউটাৰৰ আগত বহি অধ্যয়ন কৰিব লগা হোৱাৰ বাবে বিভিন্ন অসুবিধাৰ সৃষ্টি হয় ৷ তাৰ ভিতৰত এটা অন্যতম অসুবিধা হৈছে চকুঁৰ পেশীৰ দুৰ্বলতা ৷ বহু সময় ধৰি কম্পিউটাৰ বা ম'বাইলৰ আগত বহি থাকিলে চকুঁৰ পেশীবোৰে দুৰ্বল অনুভৱ কৰে ৷ এই ক্ষেত্ৰত অৱসাদ দূৰ কৰাৰ কিছু উপশম ৷

Yoga improves circulation to eye muscles
চকুঁৰ পেশীৰ অৱসাদ দূৰত যোগাভ্যাসৰ ভূমিকা
author img

By

Published : Aug 10, 2020, 8:26 PM IST

নিউজ ডেস্ক, 10 আগষ্ট : বৰ্তমান সমগ্ৰ বিশ্বত মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বন্ধ হৈ আছে দেশৰ প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠান ৷ আনকি, দেশৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ থকাৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই ৷ অনলাইন পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰী সকলে কম্পিউটাৰৰ আগত বহি অধ্যয়ন কৰিব লগা হোৱাৰ বাবে বিভিন্ন অসুবিধাৰ সৃষ্টি হয় ৷ তাৰ ভিতৰত এটা অন্যতম অসুবিধা হৈছে চকুঁৰ পেশীৰ দুৰ্বলতা ৷ বহু সময় ধৰি কম্পিউটাৰ বা ম'বাইলৰ আগত বহি থাকিলে চকুঁৰ পেশীবোৰে দুৰ্বল অনুভৱ কৰে ৷ কিন্তু দুৰ্বল চকুঁৰ পেশীবোৰক যোগাভ্যাসৰ জৰিয়তে কিছু আৰাম আৰু উন্নত অৱস্থালৈ ঘুৰাই আনিব পাৰি ৷ এই ক্ষেত্ৰত ইটিভি ভাৰতে যোগ বিশেষজ্ঞ, বৈজ্ঞানিক অনুসন্ধান বিভাগ তথা শৈল্য চিকিৎসক ডাঃ সতীশৰ সৈতে বাৰ্তালাপ কৰাত তেখেতে কিছু এই ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে ৷ তেখেতে চকুঁৰ পেশীৰ অৱসাদ আঁতৰ কৰিবলৈ তিনিখন আসনৰ কথা উল্লেখ কৰিছে ৷ যি তিনি আসনৰ জৰিয়তে চকুঁৰ পেশী সমূহ উন্নত কৰিব পাৰি ৷ সেই তিনি আসন হ'ল-

1. ব্ৰহ্মা আসন (Brahma Mudra )

2. ব্ৰাঘ আসন বা সিংহ আসন (Vyaghra Mudra (lion pose)

3. ত্ৰাটক আসন (Tratak)

ব্ৰহ্মা আসনঃ এই মুদ্ৰাত কঁকালক পোন কৰি চিধাকৈ বহিব লাগে ৷ তাৰ পিচত নিজৰ হাত দুখন আঁঠুৰ ওপৰত ৰাখিব লাগে আৰু দুয়োখন কান্ধ কিছু ঢিলা কৰি ডিঙিতো লাহে লাহে প্ৰায় 10 বাৰ ওপৰলৈ উঠা নমা কৰিব লাগে ৷ এইখিনি কৰাৰ সময়ত কম পৰিমানে শ্বাস-প্ৰশ্বাস ল'ব লাগে আৰু চকুঁ দুটা মেলি ৰাখিব লাগে ৷ তাৰ পিচত ডিঙিটো সৌ আৰু বাওঁফালে কিছু ঘুৰাবলৈ চেষ্টা কৰিব লাগে ৷ অতি কমেও সৌ আৰু বাওঁফালে 10 বাৰকৈ ঘূৰাবলৈ চেষ্টা কৰিব লাগে ৷ কিন্তু এই আসনটো কৰাৰ সময়ত আপুনি গুৰুত্ব দিব লাগিব যে, আপোনাৰ মেৰুদণ্ড যাতে সম্পূৰ্ণ পোন হৈ থাকে ৷ ইয়াৰ লগতে আপুনি যি গতিত ডিঙিটো ওপৰলৈ নিব সেই একে গতিতে ডিঙিটো তললৈ আনিবও চেষ্টা কৰিব লাগিব ৷ একেদৰে আপুনি এই আসন কৰাৰ সময়ত ডিঙি, কঁকাল আৰু কান্ধখনৰ ওপৰত চকুঁ ৰাখিব লাগিব ৷ কাৰণ এই আসনত ডিঙি, কঁকাল আৰু কান্ধখন বেকা হ'ব নোৱাৰিব অন্যথা এই আসনৰ জৰিয়তে সুফল লাভ কৰিব নোৱাৰিব ৷ এই আসনৰ জৰিয়তে এজন ব্যক্তিৰ মনোযোগ বৃদ্ধি হয় ৷ বিশেষকৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব বাঢ়ে আৰু চকুঁৰ সমস্যা দুৰ হয় ৷ কিন্তু মনত ৰাখিব আপোনাৰ যদি ডিঙা, কান্ধ বা কঁকালৰ ৰোগ আছে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ অৱিহনে আপুনি এই আসনটো কৰিবলৈ চেষ্টা নকৰিব ৷

ব্ৰাঘ বা সিংহ আসনঃ এই আসনত আপুনি দুয়োখন ভৰি পিচফালে ৰাখি আঁঠুৰ ওপৰত ভৰ দি বহিবলৈ চেষ্টা কৰিব ৷ তাৰ পিচত জিভাখন বাহিৰলৈ উলিয়াই মুকলিকৈ উশাহ লবলৈ চেষ্টা কৰিব লাগে ৷ এই আসনত আপুনি চকুঁ দুটা খুলি ৰাখিব লাগিব ৷ এনেকৈ আপুনি অতিকমেও 3 বাৰ কৰিবলৈ চেষ্টা কৰিব ৷ সিংহ আসন 3-4 বছৰ বয়সৰ ওপৰৰ সকলো লোকে কৰিব পাৰে ৷ এই আসন শিশু সকলে কৰি অধিক আনন্দ লাভ কৰে ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ অৱিহনে এই আসন exophthalmos, hyperthyroid, Glaucoma ৰোগীৰ লগতে গৰ্ভৱতী মহিলা সকলে কৰিব নোৱাৰে ৷

ত্ৰাতক আসনঃ এই আসন চকুঁ পৰিস্কাৰ আৰু উজ্জ্বলতা বৃদ্ধিৰ বাবে কৰা হয় ৷ প্ৰথমে আপুনি ডিঙি, মুৰ আৰু পিঠিক পোনকৈ ৰাখি অন্ধকাৰ কোঠাত ধ্যান কৰাৰ আসনত বহিব ৷ এই আসনত আপুনি যিটো বস্তুক ধ্যান দিবলৈ চেষ্টা কৰিব সেই নিদিষ্ট বস্তুটোক চকুঁৰ থিক ওপৰতে ৰাখিব লাগিব ৷ তাৰ পিচত আপুনি কোঠাত এডাল ম'মবাতি জ্বলাই লব লাগিব ৷ কিন্তু জ্বলাই লোৱা ম'মবাতি ডাল চকুঁৰ পৰা প্ৰায় ডেৰ ফুট ব্যবধানত ৰাখিব লাগিব ৷ পৰৱৰ্তী সময়ত আপুনি জ্বলাই লোৱা ম'মবাতি ডালৰ ফালে চাই থাকক ৷ কিন্তু মনত ৰাখিব যেতিয়ালৈ আপোনাৰ চকুঁৰ পৰা পানী ওলাই নাহিব তেতিয়ালৈ আপুনি চাই থাকিব লাগিব ৷ চকুঁৰে পানী ওলোৱাৰ পিচত আপুনি চকুঁ দুটা বন্ধ কৰি কিছু সময় বিশ্ৰাম কৰিব ৷ এই প্ৰক্ৰিয়াটো আপুনি 3 ৰ পৰা 4 বাৰ কৰিব যত্ন কৰিব ৷ যেতিয়ালৈ আপুনি অতিকমেও 10 মিনিট সময় একেথিৰে চাই থাকিব নোৱাৰিব তেতিয়ালৈ আপুনি এই আসনটো কৰি থাকিবলৈ যত্ন কৰিব ৷ কিন্তু মনত ৰাখিব এই আসনত আপুনি উজ্জ্বল পোহৰলৈ চাই থকাৰ সময়ত আপুনি অন্য কথা মনলৈ আহিব নিদিব ৷

ইয়াৰ উপৰিও আপুনি ৰাতিপুৱা সূৰ্যৰ ফালে চাব ৷ কিন্তু প্ৰখৰ ৰদত আপুনি সূৰ্যৰ ফালে চাব যত্ন নকৰিব ৷ ঠাণ্ডা পানীত কাপোৰ তিয়াই চকুঁত লগাবলৈ যত্ন কৰিব ৷ গাজৰ, আলু, কল খাবলৈ চেষ্টা কৰিব ৷ এনেকুৱা কিছু আসনৰ জৰিয়তে আপুনি এই ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে ৷

লগতে পঢ়ক : COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.