সমগ্ৰ বিশ্বতে ০৭ অক্টোবৰ অৰ্থাৎ আজি বিশ্ব হাঁহি দিৱস উদযাপন কৰা হৈছে(World Smile Day 2022) । World Smile Day প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম শুকুৰবাৰে পালন কৰা হয় আৰু এইবাৰ এই বিশেষ দিনটো ৭ অক্টোবৰত পৰে ।
এই বিশেষ দিনটোত আমাৰ জীৱনটোক উদযাপন কৰাৰ লগতে জীৱনটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা উপলব্ধি কৰোৱাৰ উদ্দেশ্যেই এই দিৱস বিশ্বজুৰি উদযাপন কৰা হয় ৷
- কিয় পালন কৰা হয় এই দিৱস
উল্লেখ্য যে, ১৯৬৩ চনত মেছাচুচেটছৰ শিল্পী হাৰ্ভি বলে এটা হাঁহিমুখৰ সৃষ্টি কৰিছিল(Why we celebrating world smile day) । ১৯৯৯ চনত তেওঁ অক্টোবৰ মাহৰ প্ৰথম শুকুৰবাৰটো বিশ্ব হাঁহি দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে । ২০০১ চনত হাৰ্ভিৰ মৃত্যুৰ পিছত হাৰ্ভি বল ৱৰ্ল্ড স্মাইল ফাউণ্ডেচনৰ নাম তেওঁৰ নামেৰে নামাকৰণ কৰা হয় । তেওঁক সন্মান জনাই তেওঁৰ স্মৃতিত প্ৰতি বছৰে বিশ্ব হাঁহি দিৱস পালন কৰা হয় ।
- হাৰ্ভি বলৰ বিষয়ে জানেনে ?
হাৰ্ভি বলৰ সম্পূৰ্ণ নাম হাৰ্ভি ৰছ বল(American artist Harvey Ross Ball) । ১৯২১ চনৰ ১০ জুলাইত তেওঁ জন্মগ্ৰহণ কৰিছিল । তেওঁ আছিল এজন আমেৰিকান শিল্পী । বিশ্ববাসীয়ে হাৰ্ভি বলক স্মাইলী ফেচ(Smiley emoji) গ্রাফিক ডিজাইনাৰ হিচাপে চিনি পায় । হাৰ্ভি বলৰ পিতৃৰ নাম আছিল আৰ্নেষ্ট জি বল আৰু মাতৃৰ নাম আছিল কিটি ৰাল বল । হাৰ্ভি বলৰ পাঁচগৰাকী ভাই-ভনী আছিল ।
হাৰ্ভি বলে ৱৰ্চেষ্টাৰ আৰ্ট মিউজিয়াম স্কুলৰ পৰা কলা শাখাত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বহু বছৰ কাম কৰি ১৯৬৩ চনত স্মাইলী ফেচ আৱিষ্কাৰ কৰে । পূৰ্বে ইয়াক ব্যৱসায়িক প্ৰচাৰৰ বাবেও ব্যৱহাৰ কৰা হৈছিল । ২০০১ চনৰ ১২ এপ্ৰিলত ৭৯ বছৰ বয়সত হাৰ্ভি বলৰ মৃত্যু হয় । ইয়াৰ পিছতে ১৯৭০ চনত স্মাইলী ফেচ ৰাজনৈতিকভাৱে ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে, লগতে ছবি, কাৰ্টুন, কমিক বুক আদিতো ব্যৱহাৰ হ’বলৈ ধৰে । ইণ্টাৰনেট যুগৰ আৰম্ভণিতে এই হাঁহিমুখীয়া মুখখন বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল আৰু নব্বৈৰ দশকত ই জনপ্ৰিয় হৈ পৰিছিল ।
- World Smile Dayত আমাৰ স্বাস্থ্যৰ বাবে হাঁহিৰ উপকাৰিতা সমূহ জানি লওক:
- হাঁহিলেহে আপোনাৰ মানসিক চাপ কমিব পাৰে ।
- কাৰোবাক হাঁহি থকা দেখিলেও আপোনাৰ মাজত উৎসাহ আৰু ইতিবাচকতা জাগ্ৰত হয় ।
- প্ৰতিটো হাঁহিৰ লগে লগে আপোনাৰ ৰক্তচাপ এক নিৰ্দিষ্ট পৰিমাণে কমি যায় ।
- হাঁহিলে শৰীৰে ‘এণ্ড’ৰফিন’ নিৰ্গত কৰে, যিয়ে প্ৰাকৃতিক পেইনকিলাৰ হিচাপে কাম কৰে যাৰ ফলত আপুনি বিষৰ পৰা কিছু সকাহ অনুভৱ কৰে । সেয়েহে বহু চিকিৎকে বিভিন্ন অস্ত্ৰোপচাৰৰ সময়ত লাফিং গেছৰ প্ৰয়োগ কৰে ৷
- হাঁহিলে আপোনাৰ মনটো সহজ হৈ পৰে । মেজাজ সলনি হয় আৰু আপোনাৰ মনত ভাল চিন্তা আহিবলৈ আৰম্ভ কৰে ।
- হাঁহিলে মুখৰ পেশীবোৰৰ ব্যায়াম হয়, ই ছালখন টান কৰে, যাতে অকালতে আপোনাৰ ছাল শোঁতোৰা নপৰে ৷
লগতে পঢ়ক: Cerebral Palsy হয়নো কি ? জানক ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা