ETV Bharat / sukhibhava

World Radiography Day 2022: X-Rayৰ আৱিষ্কাৰ কেনেকৈ হৈছিল জানেনে ?

author img

By

Published : Nov 8, 2022, 1:39 AM IST

আজি সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ’গ্ৰাফী দিৱস উদযাপন কৰা হৈছে (Radiology Day) । জানো আহক কিয় এই দিৱস পালন কৰা হয় আৰু ইয়াৰ গুৰুত্ব কি ?

World Radiography Day 2022
চিকিৎসাৰ প্ৰাৰম্ভিক পৰ্যায় X-Rayৰ আৱিষ্কাৰ কেনেকৈ হৈছিল জানেনে ?

আজি সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ’গ্ৰাফী দিৱস উদযাপন কৰা হৈছে (Radiology Day) । ১৮৯৫ চনৰ ৮ নৱেম্বৰত আজিৰ দিনটোতে এক্স-ৰেডিয়েচন বা এক্স-ৰে'ৰ আৱিষ্কাৰ কৰা হৈছিল । এই আৱিষ্কাৰ জাৰ্মান বিজ্ঞানী উইলহেম কনৰাড ৰণ্টগেনে কৰিছিল (Wilhelm Conrad Rontgen) । সেয়ে এই বিশেষ দিনটোক বিশ্ব ৰেডিঅ’গ্ৰাফী দিৱস হিচাপে পালন কৰা হয় ৷ ১৯০১ চনত নোবেল বঁটাৰ আৰম্ভণিতে এই আৱিষ্কাৰৰ বাবে উইলহেমক পদাৰ্থ বিজ্ঞানৰ প্ৰথম নোবেল বঁটা প্ৰদান কৰা হয়(World Radiography Day 2022) ।

এই দিৱস উদযাপনৰ মূল উদ্দেশ্যে হৈছে মানুহৰ মাজত ৰেডিঅ’গ্ৰাফিক ইমেজিং আৰু থেৰাপীৰ বিষয়ে সজাগতা সৃষ্টি কৰা । দৰাচলতে ৰেডিঅ’গ্ৰাফীৰ বাবে আজি বহু ৰোগ বা শাৰিৰীক সমস্যাৰ সময়মতে নিদান(Treatment) পোৱা যায়, যাৰ ফলত ইয়াৰ চিকিৎসা সহজ হৈ পৰে (Diagnosis of Disease)। ৰেডিঅ’গ্ৰাফীত কেৰিয়াৰ গঢ়িব বিচৰাসকলৰ বাবেও এই দিনটো বিশেষ বুলি গণ্য কৰা হয় ।

২০১২ চনত প্ৰথমবাৰৰ বাবে বিশ্ব ৰেডিঅ’গ্ৰাফী দিৱস পালন কৰা হৈছিল । ইয়াৰ বাবে ইউৰোপীয় ছ’চাইটি অৱ ৰেডিঅ’লজি, ৰেডিঅ’লজিকেল ছ’চাইটি অৱ নৰ্থ আমেৰিকা আৰু আমেৰিকান কলেজ অৱ ৰেডিঅ’লজিয়ে একত্ৰিত হৈ এই পদক্ষেপক আগুৱাই লৈ যায় । ইয়াৰ পূৰ্বে ইউৰোপীয় ছ’চাইটি অৱ ৰেডিঅ’লজিয়ে ২০১১ চনৰ ১০ ফেব্ৰুৱাৰীত ইউৰোপীয় ৰেডিঅ’লজি দিৱস উদযাপন কৰিছিল । ১০ ফেব্ৰুৱাৰীৰ দিনটো এইবাবে বাছি লোৱা হৈছিল কাৰণ ১৯২৩ চনৰ ১০ ফেব্ৰুৱাৰীত ৰেডিঅ’গ্ৰাফী আৱিষ্কাৰ কৰা জাৰ্মান বিজ্ঞানী উইলহেম কনৰাড ৰণ্টগেনৰ মৃত্যু হৈছিল (Father of Radiology)।

পিছলৈ ইউৰোপীয় ৰেডিঅ’লজি দিৱসৰ(European Radiology Day) ঠাইত বিশ্ব ৰেডিঅ’গ্ৰাফী দিৱস স্থাপন কৰা হয় আৰু ইয়াৰ বাবে ৮ নৱেম্বৰ দিনটো নিৰ্ধাৰণ কৰা হয় । আজিৰ দিনটোতে অৰ্থাৎ ৮ নৱেম্বৰত বিজ্ঞানী উইলহেম কনৰাড ৰণ্টগেনে ৰ’ডিঅ’গ্ৰাফীৰ আৱিষ্কাৰ কৰে । সমগ্ৰ বিশ্বৰ বহু সংগঠনে এই দিৱস পালন কৰি আহিছে । এই সংস্থাৰ সম্পাদক শিৱকান্ত বাজপেয়ীৰ পৰামৰ্শ অনুযায়ী ভাৰতৰ মধ্যপ্ৰদেশৰ ৰেডিঅ'গ্ৰাফাৰ এছ'চিয়েচনে ১৯৯৬ চনৰ পৰাই এই দিৱস পালন কৰি আহিছে ।

লগতে পঢ়ক: International Stress Awareness Week: যিকোনো হতাশাৰ সৈতে মোকাবিলা কৰিবলৈ আমাক কিহৰ প্ৰয়োজন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.