ETV Bharat / sukhibhava

World Mental Health Day 2023: মানসিক চাপেই আত্মহত্যাৰ দুৱাৰদলিলৈ লৈ গৈছিল এইসকল তাৰকাক - আইৰা খান

বৰ্তমানৰ জীৱনশৈলী আৰু প্ৰতিযোগিতাৰে ভৰা জীৱনৰ বাবে বিভিন্ন লোকেই মানসিক চাপত ভুগিবলগীয়া হৈছে ৷ কেৱল সাধাৰণ লোকেই নহয় মনোৰঞ্জন জগতৰ এইসকল তাৰকাইও মানসিক চাপত দীৰ্ঘসময়লৈকে ভুগিবলগীয়া হৈছিল ৷

World Mental Health Day 2023
বিশ্ব মানসিক স্বাস্থ্য দিৱস ২০২৩
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:56 PM IST

আজি উদযাপন কৰা হৈছে বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ প্ৰতি বছৰে ১০ অক্টোবৰত ইয়াক পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহক সজাগ কৰা ৷ পোন প্ৰথমে ৰাষ্ট্ৰসংঘত এই দিৱসৰ আৰম্ভণি হৈছিল ৷

বৰ্তমানৰ জীৱনশৈলী আৰু প্ৰতিযোগিতাৰে ভৰা জীৱনৰ বাবে মানুহে অধিক মানসিক চাপৰ বলি হৈছে ৷ কেৱল যুৱক-যুৱতীসকলেই নহয়, এই সমস্যা সকলো বয়সৰ লোকৰ মাজত দেখা যায়, কিন্তু তেওঁলোকে নিজৰ অনুভৱ কাৰো আগত প্ৰকাশ কৰিবলৈ অক্ষম হয়, যাৰ বাবে বহুতে আত্মহত্যাৰ পথো বাচি লয় ৷

এই সমস্যা সাধাৰণ লোকৰ লগতে চলচ্চিত্ৰ তাৰকাসকলৰ মাজতো দেখা গৈছে ৷ আনকি বহু চেলিব্ৰিটিয়েও এই সন্দৰ্ভত মুকলিকৈও ব্যক্ত কৰিছে ৷ সেই তাৰকাসকল নো কোন জানো আহক৷

দীপিকা পাডুকন

এই সমস্যাৰ বলি হৈছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনো ৷ যি কি নহওক, এতিয়া এইবোৰৰ পৰা দীপিকাই ওলাই আহি নিজে সুখেৰে জীৱন যাপন কৰিছে ৷ তেওঁ এটা সাক্ষাৎকাৰত নিজৰ মানসিক স্বাস্থ্যৰ বিষয়েও মুকলিকৈ উল্লেখ কৰিছে ৷

World Mental Health Day 2023
দীপিকা পাডুকন

সেই সময়ছোৱাৰ কথা মনত পেলাই অভিনেত্ৰীগৰাকীয়ে কৈছিল যে মই যেতিয়া ডিপ্ৰেছনত ভুগি আছিলো তেতিয়া আত্মহত্যাৰ চিন্তা বহুবাৰ মোৰ মনলৈ আহিছিল ৷ সেই দিনবোৰত মায়ে মোৰ বেদনা বুজি পাই মোক সেই অৱস্থাৰ পৰা ওলাই আহিবলৈ সহায় কৰিছিল ৷ সেইবোৰ মোৰ জীৱনৰ এনেকুৱা দিন আছিল, যেতিয়া মই সাৰ পাই থাকিব বিচৰা নাছিলো, কেৱল শুব বিচাৰিছিলো ৷ টোপনিয়েই মোক শান্ত কৰি ৰাখিছিল ৷

শ্বাহীন ভাট

আলিয়া ভাটৰ ভগ্নী তথা লেখিকা শ্বাহীন ভাটো ডিপ্ৰেছনৰ বলি হৈছে ৷ শ্বাহীনে প্ৰায়ে মুকলিকৈ এই বিষয়ত মানুহৰ সন্মুখত কথা পাতে ৷ ২০ বছৰ ধৰি হতাশাৰ বলি হোৱা শ্বাহীন ভাটে তেওঁৰ অভিজ্ঞতাৰ ওপৰত ‘আই হেভ নেভাৰ বিন (উন) হেপিয়াৰ’ নামৰ এখন গ্ৰন্থও লিখিছে ৷ শ্বাহীন ভাটে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁ নিজৰ কিতাপখন লিখাৰ পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰিছিল ৷ অৱশ্যে এতিয়া তেওঁ এইবোৰ কথাৰ পৰা ওলাই আহিছে ৷

World Mental Health Day 2023
শ্বাহীন ভাট

গায়ক-ৰেপাৰ হানী সিং

সুপৰিচিত গায়ক-ৰেপাৰ হানি সিঙে নিজৰ কেৰিয়াৰত বহু ছুপাৰহিট গীত আগবঢ়াইছে যদিও এটা সময় আছিল যেতিয়া তেওঁ হঠাতে মনোৰঞ্জন জগতৰ পৰা নোহোৱা হৈ গৈছিল ৷ সেই সময়ত গায়িকাগৰাকী বাইপোলাৰ ডিছঅৰ্ডাৰ আৰু চাইকটিক লক্ষণত ভুগি আছিল ৷ ইয়াৰ পৰা ওলাই আহিবলৈ গায়কজনক কেইবছৰমান সময়ৰ প্ৰয়োজন হৈছিল ৷ এই কথা গায়কজনে নিজেই প্ৰকাশ কৰিছিল ৷

World Mental Health Day 2023
গায়ক-ৰেপাৰ হানী সিং

সিদ্ধাৰ্থ কান্নানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে, সেই দিনবোৰত মোৰ লগত বহু কথাই ঘটি আছিল ৷ গতিকে মই ক’লো যে মোৰ মনত কিবা এটা সমস্যা আছে, মোৰ কিবা এটা হৈছে ৷ এইটো ঠিক কৰা যাওক ৷ সুস্থ হ’বলৈ ৭ জন চিকিৎসকৰ সহায় আৰু ৫ বছৰ লাগিছিল ৷

আইৰা খান

বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ কন্যাও এই সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল ৷ যেতিয়াই আইৰাৰ কথা উল্লেখ কৰা হয়, তেতিয়াই কোৱা হয় যে তেওঁ নিজৰ জীৱনত ডিপ্ৰেচনৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল ৷ বিগত বছৰ আইৰাই পাঁচ বছৰ ধৰি ডিপ্ৰেছনৰ বলি হোৱা বুলি মুকলিকৈ আলোচনা কৰে ৷ আইৰাই কয় যে, কেনেকৈ এখন চলচ্চিত্ৰ পৰিয়ালৰ অংশ হোৱাৰ বাবে জনসাধাৰণে তেওঁৰ ওপৰত সকলো সময়তে চকু ৰাখিছিল, যাৰ ফলত তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছিল ৷ এতিয়া আইৰাই নিজৰ ফাউণ্ডেচন খুলিছে ৷

World Mental Health Day 2023
আইৰা খান

লগতে পঢ়ক: World Mental Health Day 2023: মানসিক স্বাস্থ্যজনিত সমস্যা সন্দৰ্ভত কিয় সজাগতাৰ প্ৰয়োজন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.