ETV Bharat / sukhibhava

World Glaucoma Day 2023: এইসমূহ লক্ষণৰ পৰা সাৱধান, অন্ধ হ’ব পাৰে আপুনি, জানি লওক ইয়াৰ উপায় - চকুৰ ৰোগ

আজি বিশ্ব গ্ল’ক’মা দিৱস (World Glaucoma Day 2023) ৷ ইয়াৰ লক্ষ্য হৈছে চকুৰ ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷ জানি লওক কি কি কাৰণত হ’ব পাৰে চকুৰ ৰোগ ৷

World Glaucoma Week 2023 Started from today
বিশ্ব গ্ল’ক’মা দিৱস
author img

By

Published : Mar 12, 2023, 4:19 PM IST

প্ৰতি বছৰে ১২ মাৰ্চৰ দিনা বিশ্ব গ্ল’ক’মা দিৱস হিচাপে পালন কৰা হয় (World Glaucoma Day 2023) ৷ অৰ্থাৎ ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ বিশ্ব গ্ল’ক’মা দিৱস আৰু বিশ্ব গ্ল’ক’মা সপ্তাহৰ আয়োজন কৰা হয় ৷ ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ মানুহৰ মাজত গ্ল’ক’মাৰ দৰে গুৰুতৰ চকুৰ ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰা ।

গ্ল’ক’মাৰ ফলত অন্ধ হ’ব পাৰে আপুনি, সঠিক সময়ত পৰীক্ষা কৰি চিকিৎসা কৰাটো প্ৰয়োজনীয়

গ্ল’ক’মা বা ক’লা কেটাৰেক্ট চকুৰ এক গুৰুতৰ ৰোগ ৷ যাৰ চিকিৎসা সঠিক সময়ত নকৰিলে ভুক্তভোগীৰ দৃষ্টিশক্তি হেৰুৱাৰ আশংকা হ’ব পাৰে । বিশ্ব গ্ল’ক’মা সন্থা আৰু বিশ্ব গ্ল’ক’মা ৰোগী নেটৱৰ্ক সংগঠনৰ যৌথ তত্বাৱধানত প্ৰতি বছৰে ১২ মাৰ্চত বিশ্ব গ্ল’ক’মা দিৱসৰ আয়োজন কৰা হয়, যাৰ উদ্দেশ্য গ্ল’ক’মা সম্পৰ্কে বিশ্ব পৰ্যায়ত মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা ।

ইয়াৰ লগতে ১২ মাৰ্চৰ পৰা বিশ্ব গ্ল’ক’মা সপ্তাহৰো আয়োজন কৰা হয় । এইবাৰ ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ বিশ্ব গ্ল’ক’মা সপ্তাহ “বিশ্ব উজ্জ্বল, আপোনাৰ দৃষ্টিশক্তি ৰক্ষা কৰক” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আয়োজন কৰা হৈছে (World Glaucoma Week) ।

গ্ল’ক’মা কি ?

গ্ল’ক’মাক সাধাৰণতে ক’লা চকুৰ ছানি পৰা বুলি জনা যায় । কিন্তু গ্ল’ক’মাক কেৱল ক’লা চকুৰ ছানি পৰা বুলিয়েই কোৱা নহয় । চকুৰ অপটিক নাৰ্ভৰ ক্ষতিৰ লগত জড়িত কিছুমান সমস্যাক গ্ল’ক’মাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় । অৰ্থাৎ গ্ল’ক’মাক এটাত কৈ অধিক ৰোগ বা সমস্যাৰ গোট বুলি কোৱা হয় যিবোৰ চকুৰ স্নায়ুৰ ক্ষতিৰ সৈতে জড়িত । সময়মতে পৰীক্ষা বা চিকিৎসা নকৰিলে বহু সময়ত এই সমস্যাৰ ফলত দৃষ্টিশক্তিৰ বিসংগতি বা দৃষ্টিশক্তি হেৰুৱাবও পাৰে । গ্ল’ক’মা তিনি প্ৰকাৰৰ – মুকলি কোণ গ্ল’ক’মা, এংগল বন্ধ গ্ল’ক’মা আৰু নৰ্মেল টেনচন গ্ল’ক’মা (World glaucoma Awareness Day) ।

বয়স বৃদ্ধি (৬০ বছৰৰ ওপৰত) সাধাৰণতে গ্ল’ক’মাৰ বাবে দায়ী বুলি গণ্য কৰা হয় । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যুৱক-যুৱতীৰ ক্ষেত্ৰত এনেকুৱা হ’ব নোৱাৰে । অৱশ্যে যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত ইয়াৰ ৰোগী তুলনামূলকভাৱে কম সংখ্যক দেখা যায় ।

কেৱল বাৰ্ধক্যই নহয়, গ্ল’ক’মাৰ বাবে আন বহু কাৰণো দায়ী হ’ব পাৰে ৷ যেনে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ বলি হোৱা লোকৰ গ্ল’ক’মাৰ সম্ভাৱনা অতি বেছি । ইয়াৰ উপৰিও পৰিয়ালত গ্ল’ক’মাৰ বংশগত বা ইতিহাস, আঘাত বা চকুৰ যিকোনো সমস্যা, দীৰ্ঘদিন ধৰি ষ্টেৰইড বা আন কিছুমান ঔষধ ব্যৱহাৰ কৰিলেও গ্ল’ক’মাৰ সম্ভাৱনা বৃদ্ধি পায় ।

গ্ল'ক'মাৰ পৰিসংখ্যা

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বজুৰি অন্ধতাৰ দ্বিতীয় বৃহত্তম কাৰণ হৈছে গ্ল’ক’মা । সংস্থাটোৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ প্ৰায় ১ কোটি ২০ লাখ লোক এই ৰোগত আক্ৰান্ত । একে সময়তে বিশ্বজুৰি ৪৫ লাখ লোক এই ৰোগৰ বাবে অন্ধতাৰ বলি হৈছে । ভাৰতত এই সংখ্যা ১২ লাখ ।

গ্ল’ক’মা ৰোগত আক্ৰান্ত প্ৰায় ৫০% লোকে ইয়াৰ অস্তিত্বৰ বিষয়েও অৱগত নহয় যেতিয়ালৈকে সমস্যাটোৱে তেওঁলোকক অধিক প্ৰভাৱিত কৰিবলৈ আৰম্ভ নকৰে । যাৰ বাবে তেওঁলোকে সঠিক সময়ত চিকিৎসা নাপায় আৰু লাহে লাহে তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায় । চিকিৎসকৰ মতে, যোৱা ১০ বছৰত গ্ল’ক’মাৰ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যাৰ অন্যতম মূল কাৰণ হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদি জীৱনশৈলীৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা । যিটো গ্ল’ক’মাৰ বাবে অন্যতম বিপদজনক কাৰক হিচাপে গণ্য কৰা হয় । ইয়াৰ উপৰিও মোবাইল, টিভি আৰু লেপটপত সকলো বয়সৰ লোকৰ স্ক্ৰীণ টাইম বৃদ্ধি পোৱাটোও গ্ল’ক’মাৰ ৰোগী বৃদ্ধিৰ অন্যতম মূল কাৰণ হিচাপে বিবেচিত হৈছে ।

গ্ল'ক'মা সপ্তাহ

গ্ল’ক’মা সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা বিয়পাবলৈ বিশ্ব গ্ল’ক’মা দিৱসৰ পৰা এসপ্তাহৰ বাবেও বিশ্ব গ্ল’ক’মা সপ্তাহৰ আয়োজন কৰা হয় । ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ চলি থকা বিশ্ব গ্ল’ক’মা সপ্তাহৰ সময়ছোৱাত বিভিন্ন চৰকাৰী, বেচৰকাৰী আৰু স্বেচ্ছাসেৱী সংগঠন আৰু চিকিৎসালয়সমূহে গোটেই সপ্তাহটোৰ ভিতৰত বিভিন্ন পৰীক্ষা আৰু চিকিৎসা স্বাস্থ্য শিবিৰ, সজাগতা কাৰ্যসূচী আৰু অভিযান, ৰেলী আৰু আলোচনা চক্ৰৰ আয়োজন কৰে । এইবাৰ এই সপ্তাহটো “পৃথিৱীখন উজ্জ্বল, আপোনাৰ দৃষ্টিশক্তি ৰক্ষা কৰক” শীৰ্ষক বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হৈছে ।

কেনেকৈ নিজকে বচাব পাৰিব এই ৰোগৰ পৰা

বেছিভাগ ক্ষেত্ৰতে সমস্যাৰ প্ৰাৰম্ভিক পৰ্যায়ত গ্ল’ক’মাৰ লক্ষণ ধৰা নপৰে ৷ এনে পৰিস্থিতিত বৃহৎ সংখ্যক লোকৰ চিকিৎসাত পলম হয় । চিকিৎসক আৰু বিশেষজ্ঞসকলে কয় যে যিসকল লোকৰ পৰিয়ালত এই সমস্যাৰ ইতিহাস আছে তেওঁলোকে নিয়মীয়াকৈ চকুৰ পৰীক্ষা কৰাব লাগে । আনহাতে, ডায়েবেটিছ, হাই বি পি বা গ্ল’ক’মাৰ সম্ভাৱনা বৃদ্ধি কৰা সমস্যা থকা লোকসকলেও নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে । ইয়াৰ উপৰিও আন কিছুমান সাৱধানতাও আছে, যিবোৰ গ্ৰহণ কৰিলে গ্ল’ক’মাৰ সম্ভাৱনা হ্ৰাস পাব পাৰি । যেনেকৈ..

  • জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ যত্ন লওক ৷ খাদ্যত অধিক আৰু অধিক সেউজীয়া পাতৰ শাক-পাচলি খাওক ।
  • কম্পিউটাৰ, মোবাইল বা টিভিৰ সন্মুখত বহু সময় বহি থকাৰ পৰা বিৰত থাকক ।
  • ৪০ বছৰ বয়সৰ পিচত ২ বছৰৰ মূৰে মূৰে এবাৰ চকুৰ পৰীক্ষা কৰাব লাগে ।
  • নিয়মিতভাৱে ব্যায়াম কৰক আৰু ওজন নিয়ন্ত্ৰণত ৰাখক ।
  • চকুৰ সুৰক্ষাৰ যত্ন লওক, যেনে ৰ’দত ওলাই যাওঁতে ভাল ছানগ্লাছ ব্যৱহাৰ কৰক।
  • চকুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক, দৈনিক পৰিষ্কাৰ পানীৰে চকু ধুব লাগে ।
  • চকুত জ্বলা-পোৰা বা বিষ হোৱা বা ধাৰাবাহিক মূৰৰ বিষৰ অভিযোগ থাকিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

লগতে পঢ়ক: Cholesterol: কলেষ্টেৰল নিয়ন্ত্ৰণত আপোনাক সহায় কৰিব এই ৫বিধ মছলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.