বিবিচিৰ প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ এক সংস্থাৰ অধ্যয়নত পোহৰলৈ আহিছে যে মহিলাৰ হৰমনবোৰ হাপানি ৰোগ বা হাওঁফাওঁৰ বিভিন্ন ৰোগৰ কাৰক হ'ব পাৰে (Female hormones can trigger asthma flare ups)। অৱশ্যে লিংগ সম্পৰ্কীয় পাৰ্থক্যৰ ক্ষেত্ৰত হাওঁফাওঁৰ সাধাৰণ স্থিতিৰ পৰীক্ষা কৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে । হাপানি হৈছে এনে এক স্থিতি য'ত মানুহৰ শ্বাস-প্ৰশ্বাস নলী সংকীৰ্ণ হয়, ফুলি যায় আৰু অতিৰিক্ত কফ উৎপন্ন কৰিব পাৰে, যাৰ ফলত উশাহ লোৱা কষ্ট হৈ পৰে । ইয়াৰ লক্ষণ হৈছে উশাহ-নিশাহত হোৱা শব্দ, শ্বাস-প্ৰশ্বাসত কষ্ট, বুকু টান হোৱা আৰু কাহ ।
বিশ্বজুৰি হাপানিত আক্ৰান্ত মহিলাৰ সংখ্যা হৈছে প্ৰায় ১৩৬ নিযুত (Nearly 136 million women diagnosed with asthma worldwide)। প্ৰতিবেদন অনুসৰি ব্ৰিটেইনত হাপানিৰ ফলত বিগত ৫ বছৰত ৫,১০০ ৰো অধিক মহিলাৰ মৃত্যু হৈছে । ইয়াৰ বিপৰীতে পুৰুষৰ মৃত্যুৰ সংখ্যা ২,৩০০ গৰাকী । প্ৰতিবেদনত উল্লেখ কৰা মতে বহুলোকে নাজানে যে মহিলাৰ যৌন হৰমনৰ তাৰতম্যৰ ফলত হাপানিৰ লক্ষণবোৰ বেছি হ'ব পাৰে বা জীৱনৰ বাবেও বিপদজনক হ'ব পাৰে ।
হাপানি আৰু হাওঁফাওঁ সম্পৰ্কীয় ব্ৰিটেইনৰ গৱেষণা আৰু উদ্ভাৱন সঞ্চালক ডাঃ সামান্থা ৱাকাৰে কৈছে যে হাপানিক উপেক্ষা কৰা বা আওকাণ কৰাৰ প্ৰৱণতা বেছি । পুৰুষৰ ক্ষেত্ৰত হাপানি শৈশৱত অধিক হোৱা দেখা যায় । অৱশ্যে, যৌৱন অৱস্থাত ভৰি দিয়াৰ লগে লগে ই ওলোটা হয় । সেই সময়ত মহিলাসকল হাপানিত অধিক আক্ৰান্ত হয় অথবা এই ৰোগ বেছি গুৰুতৰ হৈ পৰে ।
গৱেষণা কৰা সংস্থাটোৱে (Asthma and Lung UK) কৈছে যে হাপানিৰ চিকিৎসাৰ বাবে বৰ্তমান এক ধৰণৰ পদ্ধতিয়ে কাম নকৰে কিয়নো যৌৱন, ঋতুস্ৰাৱ, গৰ্ভধাৰণ আৰু ঋতুস্ৰাৱ শেষ হোৱাৰ সময়ত মহিলাৰ যৌন হৰমনে হাপানিৰ লক্ষণৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে তাক বিবেচনা কৰা নহয় । প্ৰতিবেদন অনুসৰি সম্পূৰ্ণ চিকিৎসাৰ বাবে বা ইয়াক মোকাবিলা কৰিবলৈ আৰু অধিক কৰণীয় আছে ।
সংস্থাটোৰ মুখ্য কাৰ্যবাহী চাৰা ৱুলনুগে এই সম্পৰ্কে কয় যে, আমাৰ সীমিত জ্ঞানৰ বাবে মহিলাসকল সমস্যাত পৰিছে । যাৰ বাবে তেওঁলোকে চিকিৎসালয়ৰ ভিতৰত আৰু বাহিৰত হাপানিৰ লক্ষণৰ সৈতে যুঁজি আছে আৰু কিছুমান ক্ষেত্ৰত প্ৰাণ হেৰুৱাইছে । এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষক মোমে মুখাৰ্জীয়ে লগতে কয় যে হাপানিৰ বাবে কিয় মহিলাসকল বেছিকৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয় আৰু হাপানিৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা অধিক লগতে নতুন কি চিকিৎসাই মহিলাসকলক সহায় কৰিব পাৰে সেই বিষয়ে পৰ্যাপ্ত গৱেষণা হোৱা নাই ।
লগতে পঢ়ক :ভিটামিন-ডি, অমেগা-3, ব্যায়ামে কৰ্কট ৰোগৰ বিপদাশংকা 61% লৈ হ্ৰাস কৰে