ETV Bharat / sukhibhava

শীতৰ সময়ছোৱাত কেনেদৰে ল'ব চুলিৰ যতন ? - চুলিৰ যতন

শীতকালত বিভিন্ন ধৰণৰ চুলিৰ সমস্যাই দেখা দিয়ে ৷ এই সময়ছোৱাত কেনেদৰে আপোনাৰ চুলিকোছাৰ যতন ল'ব? এই সম্পৰ্কে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

Winter hair care
শীতকালৰ সময়ছোৱাত কেনেদৰে ল'ব চুলিৰ যতন ?
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 4:29 PM IST

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত

গুৱাহাটী, 6 ডিচেম্বৰ: শীতৰ এই সময়ছোৱাত আমাৰ ছাল-চুলি আদিৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৷ শীতৰ এই সময়ছোৱাত জলবায়ুত আদ্ৰতাৰ কম থকাৰ বাবে চুলিকোছা শুকান, অনুজ্বল হোৱাৰ লগতেই বহুতৰে চুলিসৰা সমস্যাও হোৱা দেখা যায় ৷

শীতকালত কিদৰে আপোনাৰ চুলিৰ যতন ল'ব ?

বহু সময়ত দেখা যায় এই সময়ছোৱাত নিয়মিত চেম্পু কৰাৰ অভাৱত, পৰিষ্কাৰ কৰি নৰখাৰ বাবে চুলিকোছাত উফি হয় আৰু চুলি সৰা বাঢ়ে ৷ এই সময়ছোৱাত ঘৰুৱা পদ্ধতিৰে আপোনাৰ চুলিৰ যতন ল'ব পাৰে ৷ ইয়াৰ বাবে আপোনালোকক লাগিব মেথি গুটি ৷ মেথি গুটিত যিহেতু প্ৰ’টিন, পটেছিয়াম আৰু আইৰ থাকে ৷ এমুঠি মান মেথিগুটি ৰাতি পানীত তিয়াই থব ৷ পিছদিনা তিয়াই থোৱা সেই মেথি গুটিৰে এটা মিশ্ৰণ তৈয়াৰ কৰি লব ৷ মিশ্ৰণটোত অকমান নাৰিকলৰ তেল মিহলাই লব ৷

তাৰ পিছত এই মিশ্ৰণটো ভালদৰে চুলিৰ গুৰিত লগাই, আঙুলিৰে ভালদৰে মালিচ কৰি দিব ৷ যদিহে চুলি সৰা সমস্যা আছে তেন্তে মালিচ নকৰিব ৷ এনেদৰে আধা ঘণ্টা ৰখাৰ পাছত ভালদৰে পানীৰে ধুই দিব ৷ এনেদৰে প্ৰতি সপ্তাহত এবাৰকৈও যদি কৰে তেন্তে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ'ব ৷ লগতে চুলিৰ উফিৰ সমস্যা দূৰ হোৱাৰ লগতে চুলিকোছা উজ্জ্বল হ'ব ৷

ইয়াৰোপৰি চুলিকোছা ভালদৰে ৰাখিবলৈ হ’লে এগৰাকী অভিজ্ঞ বিশেষজ্ঞাৰ পৰামৰ্শ অনুসৰি চেম্পু, কণ্ডিছনাৰ আৰু হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলেও চুলিৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ'ব ৷

ভাল খাদ্যপ্ৰণালী গ্ৰহণ কৰিব পৰিলেও চুলি কোছা ভালে থাকে ৷ চুলিকোছাৰ বাবে আমাক প্ৰয়োজন হয় প্ৰ’টিনৰ ৷ সেয়ে নিয়মিত প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক: পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ কিচমিচ; লাভ কৰিব এই উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.